February 20, 2025 8:18 PM February 20, 2025 8:18 PM

views 21

জোহান্সবার্গত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত উপস্থিত হৈছে। জি টুৱেণ্টি বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰৰ অংশগ্রহণে জি টুৱেণ্টি দেসসমূহৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গোলকীয় দক্ষিণৰ কণ্ঠক শক্তিশালী কৰিব ।বৈদেশিক মন্ত্ৰীসকলৰ এই বৈঠকৰ সুযোগতে ড০ এছ জয়শংকৰে ব্ৰাজিলৰ বৈদেশিক মন্ত্রী মাওৰোভিয়েৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু বিশ্...

February 20, 2025 8:16 PM February 20, 2025 8:16 PM

views 9

ভাৰত মণ্ডপমত কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা নীতি, ব্যৱসায় আৰু সামাজিক খণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিজৰ প্ৰেৰণাদায়ক জীৱনযাত্ৰাৰ কথা ভগাই লোৱাৰ মঞ্চ ৰূপে কাম কৰিব। সন্মিলনখনে সহযোগিতা আৰু চিন্তাধাৰাকেন্দ্ৰিক নেতৃত্বৰ বাবে অনুক...

February 20, 2025 8:01 PM February 20, 2025 8:01 PM

views 13

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ সংৰক্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ নতুন শিখৰ স্পর্শকৰাৰ কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়. সামাজিক মা...

February 20, 2025 7:25 PM February 20, 2025 7:25 PM

views 10

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ ৮২৫ গৰাকী নৃত্যশিল্পী ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহ...

February 19, 2025 3:40 PM February 19, 2025 3:40 PM

views 13

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি গ্ৰামীণ উন্নয়ণ মন্ত্রী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে। এই পদক্ষেপসমূহে দেশৰ অৰ্থনীতিত এটা নতুন গতি প্ৰদান কৰিছে। আজি নতুন দিল্লীত এছিয়ান আফ্রিকান গ্রামোন্নয়ন সংস্থা, AARDO ৰ কাৰ্যকৰী কমিটিৰ ৭৭সংখ্যক অধিৱেশন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। ভাৰতে AARDO ৰ জৰিয়তে জ্ঞান,কাৰিকৰী বিশেষজ্ঞতা,সফল নীতি আৰু কাৰ্যসূচীৰ আদান প্রদান অব্যাহত ৰাখিব বুলি শ্ৰী চৌহানে আশ্বাস প্রদান কৰে৷ ভা...

February 19, 2025 3:38 PM February 19, 2025 3:38 PM

views 11

নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ

জ্ঞানেশ কুমাৰে আজি নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। শ্ৰী কুমাৰ কালি কাৰ্যকাল সম্পূৰ্ণ হোৱা ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত হৈছে। মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত জনসাধাৰণলৈ দিয়া এটা বাৰ্তাত শ্রী কুমাৰে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম খোজেই হ'ল ভোটদান আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা প্ৰতি গৰাকী নাগৰিকে ভোটদান কৰা উচিত। তেওঁ কয যে দেশৰ সংবিধান, নির্বাচনী আইন, নিয়ম আৰু নিৰ্দেশনা অনুযায়ী নির্বাচন আয়োগে সদায় ভোটদাতাসকলৰ সৈতে আছে আৰু আগলৈয়...

February 19, 2025 3:29 PM February 19, 2025 3:29 PM

views 11

আজি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী পালন

মহান মাৰাঠা যোদ্ধা,ৰজা ছত্রপতি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী আজি পালন কৰা হৈছে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৱনেৰী দুৰ্গত ১৬৩০ চনত জন্ম গ্রহণ কৰা ছত্রপতি শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ ভেটি স্থাপন কৰি মোগল শাসনক প্রত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰগতিশীল নেতৃত্ব,সামৰিক বুদ্ধিমত্তা,সাহস,প্ৰজ্ঞা আৰু স্বৰাজ্যৰ বাবে থকা অদম্য সাধনাৰ বাবে ছত্রপতি শিৱাজীক বহুলভাৱে প্ৰশংসা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছত্রপতি শিৱাজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীম...

February 19, 2025 3:24 PM February 19, 2025 3:24 PM

views 20

পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা ভাৰতৰ

ভাৰতে পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা দিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বিথানেনি হৰিছে কালি নিৰাপত্তা পৰিষদত কয়, যে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদী হিচাপে গণ্য কৰা ২০ টাৰো অধিক সংগঠনক আশ্রয় প্রদান কৰা সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামাবাদে সন্ত্রাসবিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰা বুলি কৰা দাবী সঁচাকৈ হাস্যস্পদ। তেওঁ কয, যে ভাৰত জেইজ এ মহম্মদ আৰু হৰকট উল মুজাহিদিনৰ দৰে কেইবাটাও গোটসমূহত সন্ত্রাসবাদী কাৰ্যকলাপৰ বলি হৈ আহিছে। কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ উপ প্র...

February 19, 2025 3:10 PM February 19, 2025 3:10 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত-নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰ...

February 19, 2025 2:24 PM February 19, 2025 2:24 PM

views 12

বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে ৰাজ্যৰ নিৰ্বাচিত ৰাজহ খণ্ডত তিনিটা প্ৰজন্মৰ বা ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা লোকহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব। এই ক্ষেত্ৰত অনুসূচিত জাতি, জনজাতি আৰু ছয় জনগোষ্ঠীক তিনিটা প্ৰজন্মৰ বিধি ৰেহাই দিয়া হ'ব। তদুপ...