April 26, 2025 7:59 PM

views 28

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰায় ২০০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে। তেওঁ সকলো নৱ নিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱ...

April 26, 2025 7:47 PM

views 18

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত ‘ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত আজি ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বৈচিত্র্যময় সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ সঞ্চালক ড০ দিলিপ কুমাৰ বৈদ্যই এই অনুষ্ঠানক সামাজিক আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে। পাঠ্যপুথিৰ গণ্ডিৰ বাহিৰলৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে যাতে দেশৰ পৰম্পৰা, সংস্কৃতি আৰু...

April 26, 2025 7:19 PM

views 23

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগত...

April 26, 2025 7:15 PM

views 31

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীয়ে গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম, ডিজিটেল মঞ্চ আৰু জনসাধাৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে প্ৰতিৰক্ষা অভিযান নাইবা প্ৰতিৰক্ষা বাহিনীৰ গতিবিধিৰ সন্দৰ্ভত তথ্য নিৰ্ভৰ বাতৰিৰ প্রতিব...

April 26, 2025 7:07 PM

views 33

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফৰ স্বীকাৰোক্তি, পাকিস্তানে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফে স্বীকাৰ কৰিছে যে দেশখনে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে। ব্ৰিটেইনৰ এটা বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত মন্ত্ৰী আছিফে দাবী কৰে যে পশ্চিমৰ কেইখনমান দেশৰ প্ৰৰোচনাত পাকিস্তানে অশোভনীয় কামত প্ৰবৃত্ত হৈ আহিছে। ইছলামাবাদে সন্ত্রাসবাদীক পুঁজি যোগান আৰু সমৰ্থন দি অহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই স্বীকাৰোক্তি কৰে। এই কাৰ্যক ঐতিহাসিক ভুল বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে এই ভুলৰ বাবে পাকিস্তানে চৰম মূল্য ভৰিবলগীয়া হৈ...

April 26, 2025 7:00 PM

views 22

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা

জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণ ৰেখাত শান্তি ভংগ কৰাৰ উদ্দেশ্যৰেই পাকিস্তানে অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে। সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে সুক্ষ্ম দৃষ্টি ৰাখি আছে। পেহেলগাম সন্ত্রাসবাদী আক...

April 26, 2025 6:57 PM

views 31

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিকান চিটিত শ্রদ্ধাঞ্জলি জনাব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে।

April 26, 2025 6:53 PM

views 12

ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, ডি আৰ ডি অ'য়ে এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত কালি ইয়াৰ গ্ৰাউণ্ড পৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে জানুৱাৰীত ১২০ চেকেণ্ডৰ বাবে পৰীক্ষণ কৰা হৈছিল। SCRAMJET ইঞ্জিনৰ সফল পৰীক্ষণৰ লগে লগে সম্পূৰ্ণৰূপে উৰণ যোগ্য কম্বাষ্টৰ পৰীক্ষণৰ বাবে শীঘ্ৰে এই ব্যৱস্থা...

April 26, 2025 6:43 PM

views 35

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে।চেন্নাইৰ এম এ চিডম্বম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাছ হায়দাবাদে ৫ উেিকটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাছ হায়দাবাদে ৮ উইকেট হাতত থকা অৱস্থাতে ১৫৫ ৰানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম...

April 26, 2025 6:41 PM

views 32

বিশ্ব টেবুল টেনিছ কনটেনডাৰত মহিলাৰ ছিংগ’লছৰ প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াৰ চূড়ান্ত ৮ত প্ৰৱেশ

টিউনিছিয়াৰ টিউনিছত চলি থকা বিশ্ব টেবুল টেনিছ কনটেনডাৰ প্ৰতিযোগিতাত আজি ভাৰতৰ দিয়া চিটালেই ৩ খন কোৱাৰ্টাৰ ফাইনেল খেলিব। মহিলাৰ ছিংগ'লছত কালি প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াই চূড়ান্ত ৮ত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ ছেবিন উইণ্টাৰৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি বিয়লি দিয়া চিটালে আৰু যশস্বিনী ঘোৰপাড়ে যুটিয়ে চীনৰ হু য়ি আৰু ডিং য়িজিয়ে যুটিৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলতো মনুষ শ্বাহৰ সৈতে যুটি বান্ধি দিয়াই টিউনিছিয়...