February 24, 2025 8:31 PM February 24, 2025 8:31 PM

views 7

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে আজি ৰাজ্যখনত বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ কৰে। বিত্তীয় সাক্ষৰতা-মহিলাৰ সমৃদ্ধি শীৰ্ষক বিষয়েৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনিত হোৱাৰ বাবে সুনির্দিষ্ট আৰু স্পষ্ট নীতি যুগুত কৰি দিছে। বিত্তীয় সাক্ষৰতা বিষয়টো সকলোৱে বুজি পোৱা উচিত বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটোৱাৰ লক্ষ্যৰে ২০৪৭ চনৰ বিক...

February 24, 2025 8:25 PM February 24, 2025 8:25 PM

views 2

ধুবুৰীৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীৰ অভিযানত ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক

অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অংশ হিচাপে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে অভিযান চলাই ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক কৰে। ধৃত লোকজন ইনজামুল হক ওৰফে বাপ্পী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা এখন চাৰিচকীয়া বাহন, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

February 20, 2025 9:10 PM February 20, 2025 9:10 PM

views 16

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 20, 2025 9:05 PM February 20, 2025 9:05 PM

views 10

গোৱালপাৰাৰ বৰজুলিত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত বৰজুলিত আজি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰে। অভিযানত আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপৰ বটলসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা দুয়োজনক জেৰা অব্যাহত ৰাখিছে।

February 20, 2025 9:04 PM February 20, 2025 9:04 PM

views 9

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। প্রান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ‍ইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ আটাইকেইখনেই ৰাষ্ট্ৰীয়- আন্তঃৰাষ্...

February 20, 2025 8:57 PM February 20, 2025 8:57 PM

views 15

সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক ৰূপহীহাটত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক আজি নগাঁৱৰ ৰূপহীহাটত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আক্ৰমণৰ ঘটনাৰ পাছতে সাংসদজনৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেবব্ৰত শ‍ইকীয়াৰ লগতে বিভিন্ন দল-সংগঠনে এই ঘটনাৰ গৰিহনা দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভা...

February 20, 2025 8:29 PM February 20, 2025 8:29 PM

views 24

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য মন্ত্রী অশোক সিংহালে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনত সংঘটিত ৫৭ শতাংশ আত্মহত্যাৰ ঘটনাৰ ভিতৰত পাৰিবাৰিক কাৰণত ৩৫ শতাংশ, প্রেমজনিত কাৰণত ১০ শতাংশ আৰু স্বামী-স্ত্রী কন্দলজনিত ঘটনাত ১২ শতাংশ ঘ...

February 20, 2025 8:24 PM February 20, 2025 8:24 PM

views 15

ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ

মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতিত বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে দাঙি ধৰি কয়, যে এই আঁচনিসমূহে ৰাইজক সৱল কৰি তোলাৰ প্ৰয়াস কৰিছে। শ্ৰীমতী কাৰাণ্ডোলাজে কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত ...

February 20, 2025 8:23 PM February 20, 2025 8:23 PM

views 11

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চলৈ বৃদ্ধি

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে আজি এই সম্পর্কে এখন নিৰ্দেশনা জাৰি কৰে। ড০ ভি অনন্ত নাগেশ্বৰণে ২০২২ চনৰ জানুৱাৰীত মুখ্য অর্থনৈতিক উপদেষ্টা হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷

February 20, 2025 8:20 PM February 20, 2025 8:20 PM

views 9

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।