March 8, 2025 1:53 PM March 8, 2025 1:53 PM

views 12

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ই পি আই চি নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য ই পি আই চি নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোট কেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব।...

March 8, 2025 12:55 PM March 8, 2025 12:55 PM

views 7

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

March 7, 2025 9:26 PM March 7, 2025 9:26 PM

views 22

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ'লজিকেল জৰুৰীকালীন অৱস্...

March 7, 2025 9:14 PM March 7, 2025 9:14 PM

views 14

কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এক কোটি ৫০ লাখ টকা ব্যয সাপেক্ষে নিৰ্মাণ কৰা মজলী-ৰাণী চাপৰি সংযোগী ভাসমান সেতুৰ আধাৰশিলা স্থাপন কৰে। এই সেতুখনে যাত্ৰাৰ সময় আৰু পৰিবহন ব্যয় হ্ৰাস কৰাৰ লগতে কৃষি কৰ্ম আৰু থলুৱা অর্থনীতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই লগতে ৬ কোটি ৫৪ লাখ টকা ব্যয়সাপেক্ষে ৰাণী চাপৰিত বিজুলী যোগান ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪ হাজাৰ বিঘা ভূমি সামৰি ল'বলগী...

March 7, 2025 9:11 PM March 7, 2025 9:11 PM

views 9

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ ...

March 7, 2025 9:04 PM March 7, 2025 9:04 PM

views 19

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যিক নির্বাচন আয়োগে অহা ২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে আজি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ১৫ মার্চ হ'ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ১৯ মার্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৪ এপ্ৰিলত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ'ব। ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৬৩০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নির্বাচন হ'বলগীয়া ৩৬টা সমষ্টিত মু...

March 7, 2025 8:51 PM March 7, 2025 8:51 PM

views 8

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত আজি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৱে ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰে। পৰিষদৰ এক নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিত ইতিমধ্যে ৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে। পৰৱৰ্তীয় পৰ্যায়তো ৪ হাজাৰৰো অধিক লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বুলি কৰ্যবাহী সদস্যগৰাকীয়ে প্ৰকাশ কৰে।

March 7, 2025 8:51 PM March 7, 2025 8:51 PM

views 50

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা ঘোষণা

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা আজি ঘোষণা কৰা হৈছে। অসমীয়া, বড়ো ভাষাৰ গ্ৰন্থকে ধৰি মুঠ ২১ খন অনুদিত গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছে। সংস্কৃত আৰু নেপালী ভাষাৰ বঁটা পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিছে। প্রাচীন কামৰূপৰ ইতিহাস শীর্ষক অনুদিত গ্ৰন্থৰ বাবে লেখক, অনুবাদক অঞ্জন শর্মালৈ অসমীয়া ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায়, শীর্ষক গ্ৰন্থখন অনুবাদ কৰি বাসুদেৱ দাসে বাংলা ভাষাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চ...

March 7, 2025 8:48 PM March 7, 2025 8:48 PM

views 11

প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কামৰূপ জিলাৰ ৰামপুৰ ভাগৱতীপাৰাত থকা জন ঔষধী কেন্দ্ৰত এই দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ঔষধ পৰিদৰ্শক ড০ শ্যামল নাথ আৰু ভাস্কৰ জ্যোতি পাঠকে জনসাধাৰণক এই কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্রয় কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি চৌকিডিঙিৰ জন ঔষধী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। ওডালগুৰি জিলাতো স্বাস্থ...

March 7, 2025 7:45 PM March 7, 2025 7:45 PM

views 17

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লৈছেঃ গৃহমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আজিৰ অনুষ্ঠানত ২২ গৰাকী সাহসী সৈনিকক পদক প্রদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উপকূলীয় চাইক্ল’থনৰ জৰিয়তে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠানটোৱে আগবঢ়াই অহা সেৱা সন্দৰ্ভত গ্রামাঞ্চলত বাস কৰি থকা লোকসকলক সজাগ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। দেশৰ বিভিন্ন স্থানত ৰে...