May 5, 2025 4:53 PM

views 16

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰৰ

প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰে। ইতিমধ্যে তিনিওটা বাহিনীৰ মুৰব্বীকেইগৰাকীৰ সৈতে সুকীয়াকৈ আলোচনা কৰাৰ পাছত আজিৰ বৈঠকত প্রধানমন্ত্ৰীগৰাকীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিৰক্ষা সচিবগৰাকীৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ আলোচনা কৰে।

May 5, 2025 4:45 PM

views 45

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ ফলপ্রসূ প্রতিক্রিয়া

● জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যোৱা নিশা পাকিস্তানৰ সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও ফলপ্রসূ প্রতিক্রিয়া প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সূত্ৰ সমূহে জনোৱা মতে, জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাই অপ্ৰৰোচিত ক্ষুদ্র অস্ত্ৰৰ গুলীচালনাৰ আশ্ৰয় লয়। ভাৰতীয় সৈন্যই ইয়াৰ পাছত তৎক্ষণাত সঁহাৰি জনায়। কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।

May 5, 2025 4:41 PM

views 34

চীনৰ গুইঝৌ অঞ্চলত পৰ্যটকৰ ৪খন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকৰ মৃত্যু

■ চীন দেশৰ গুইঝৌ অঞ্চলত কালি আকস্মিকভাৱে অহা প্ৰচণ্ড বতাহৰ ফলত পৰ্যটকৰ চাৰিখন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱায়। সামাজিক মাধ্যমত প্রকাশ পোৱা মতে এই দুৰ্ঘটনাত নাওকেইখনত থকা মুঠ ৮৪ গৰাকী যাত্ৰী বুৰ গৈছিল যদিও ইয়াৰে ৭৪ গৰাকী লোকক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ কৱলত পৰা এজন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ঘটনাৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানত প্রায় ৫০০ গৰাকী লোকক জড়িত কৰোৱা হয়। দেশখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত দুৰ্ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱ...

May 5, 2025 2:34 PM

views 22

পেৰুৰ পাটাজ প্ৰদেশৰ পৰা অপহৃত ১৩ গৰাকী খনি ৰখীয়াৰ মৃতদেহ উদ্ধাৰ

● পেৰুৰ পাটাজ প্ৰদেশৰ পৰা অপহৃত ১৩ গৰাকী খনি ৰখীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে দেশখনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে চকুত বান্ধি থোৱা তথা হাত-ভৰি বান্ধি ৰখা অৱস্থাত উদ্ধাৰ হোৱা লোককেইজনক গুলীয়াই হত্যা কৰা হৈছে। লা পড়েৰোছা নামৰ খনি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে অপৰাধ জগতৰ সৈতে জড়িত অবৈধ খননকাৰীৰ গোটে এই খণ্ডত সেৱা আগবঢ়োৱা ১৩ জন কৰ্মীক অপহৰণ কৰিছিল। দুৰ্ভগীয়া কৰ্মীকেইজনৰ পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে কৰ্মৰত অৱস্থাত থকা এই ৰখীয়াকেইজনৰ সৈতে যোৱা ২৭ এপ্ৰিলৰ পৰা তেওঁ...

May 5, 2025 2:21 PM

views 25

ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা তৰ্পণ কৰে। উল্লেখযোগ্য যে ১৯১৬ চনৰ আজিৰ দিনটোতেই পাঞ্জাবৰ ফডিকোট জিলাত জন্মগ্ৰহণ কৰা গিয়ানী জেইল সিঙে ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈকে দেশৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল।

May 5, 2025 2:16 PM

views 23

তেলেংগানাত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা

● কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাৰ ছিৰপুৰ কাগজনগৰত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰী গাঙ্কাৰীয়ে ৰাজ্যখনৰ পথ, আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰে। ৰাজ্যখনৰ কৃষক সম্প্ৰদায়ৰ প্ৰতি সহায় আগবঢ়াব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাত কেইবাহাজাৰ অমৃত সৰোবৰ খান্দিবৰ বাবে চৰকাৰ সাজু হৈ আছে বুলিও ...

May 5, 2025 2:30 PM

views 25

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি

● উচ্চতম ন্যায়ালয়ত আজি ৱাকফ (সংশোধনী) আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ এটা গোটৰ শুনানি গ্রহণ কৰা হ'ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে দুপৰীয়া ২ বজাত এই বিষয়ত শুনানি গ্ৰহণ কৰিব। যোৱা ১৭ এপ্ৰিলত অনুষ্ঠিত শুনানিত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে আজিৰ নিৰ্ধাৰিত শুনানি প্ৰাৰম্ভিক শুনানিৰ বাবেহে আৰু প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা হব। যোৱা শুনানিত আদালতে এই সন্দৰ্ভত কিছুমান উদ্বেগ প্রকাশ কৰাৰ পি...

May 3, 2025 12:18 PM

views 28

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

May 3, 2025 12:06 PM

views 25

কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে প্রকৃতি সম্পর্কে কৰ্মশালা অনুষ্ঠিত

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, নেচনেল বুক ট্রাষ্ট অফ ইন্ডিয়া, বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে কালি প্রকৃতি সম্পর্কে লিখা এখন কৰ্মশালা আৰম্ভ হয়। ৪ মেলৈকে অনুষ্ঠিত হবলগীয়া এই কর্মশালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আনুষ্...

May 3, 2025 12:02 PM

views 29

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ'ব।