March 13, 2025 3:21 PM March 13, 2025 3:21 PM

views 23

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব। বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন, ‘ৱেভ্ছ’ৰ পূৰ্বে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে চৰকাৰে দ্ৰুতগতিত বিকাশ লাভ কৰা সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে ‘ৱেছ’ক এখন একত্রিত গোলকীয় মঞ্চ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়টো তুলি ধৰিবলৈ চেষ্টা কৰিছে। আজিৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ ১০০ গৰাকীতকৈও অধিক ৰাষ্ট...

March 13, 2025 11:31 AM March 13, 2025 11:31 AM

views 15

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনা পৰিৱেশন

■ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা ১৫ মার্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্ৰাংগণত সন্ধিয়া ৬ বজাত গান্ধাৰীৰ অভিশাপ নামৰ এখনী ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শ‍ইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ‍ গোস্বামী আৰু কৃষ্ণৰ চৰিত্...

March 13, 2025 11:20 AM March 13, 2025 11:20 AM

views 14

পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ প...

March 13, 2025 10:52 AM March 13, 2025 10:52 AM

views 16

জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ অসমত জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত কালি কেন্দ্রীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি সচিব ৰাজেশ এছ গোখলেৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতিৰ অধীনত অসম, এনে বুজাবুজিৰ চুক্তি সম্পাদনকাৰী দেশৰ...

March 11, 2025 9:02 PM March 11, 2025 9:02 PM

views 15

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক ২ দিনীয়া কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি অন্ত পৰে। কর্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বত উন্নীতকৰণ আৰু সৱলীকৰণ কৰাৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হয়। বিশেষকৈ অসমীয়া, বড়ো, নেপালী, মণিপুৰী আৰু ইংৰাজী ভাষাৰ মাজত নিউৰেল মেচিন অনুবাদ আৰু ভাৰতীয় ভাষাত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত আগতীয়...

March 11, 2025 6:22 PM March 11, 2025 6:22 PM

views 9

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ লগতে ৰবি খাদ্য শস্যৰ উৎপাদন ১,৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে। খাৰিফ ধানৰ উৎপাদন ২০২৩-২৪ বৰ্ষৰ প্ৰায় ১,১৩২ লাখ মেট্রিক টনৰ পৰা বৃদ্ধি হৈ ১,২০৬ লাখ মেট্রিক টন হ'ব বুলি আশা কৰা হৈছে। তুৰ আৰু মাহজাতীয় শস্যৰ উৎপাদন ৩৫ লাখ ১১ হাজাৰ মেট্রিক টন আৰু ১১৫ লাখ ৩৫ মেট্রিক ...

March 11, 2025 6:11 PM March 11, 2025 6:11 PM

views 16

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

March 11, 2025 6:05 PM March 11, 2025 6:05 PM

views 11

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন ৪ জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

March 11, 2025 5:51 PM March 11, 2025 5:51 PM

views 11

এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিবঃ শিৱৰাজ সিং চৌহান

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আঁচনি, এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই সন্দৰ্ভত কয়, যে বিগত বছৰসমূহত কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ বাবে পুঁজিৰ আৱণ্টন যথেষ্ট বৃদ্ধি কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালত ২০০৬-০৭ বৰ্...

March 8, 2025 4:10 PM March 8, 2025 4:10 PM

views 15

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয সেৱাসমূহ পূৰ কৰাত সহায়ক হ'ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রযুক্তি, ব্যৱসায় আৰু শিক্ষা ক্ষেত্ৰৰ ভৱিষ্যতেও দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনা মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উত্তৰ আয়ালেণ্ডৰ উপ প্রধানমন্ত্রী এম লিটন পেংগলী আৰু কনিষ্ঠ মন্ত্ৰী এইছলিঙ ৰেই...