March 19, 2025 8:22 PM March 19, 2025 8:22 PM

views 26

৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে এনে প্ৰকল্পৰ বাবে টোলৰ জৰিয়তে ৰাজহ আহৰণ কৰি আহিছে যদিও ৰাইজৰ সুবিধাৰ প্ৰতি বিবেচনা কৰি অকল চাৰিটালেনযুক্ত ঘাইপথৰ ক্ষেত্ৰতহে টোল ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে।

March 19, 2025 7:37 PM March 19, 2025 7:37 PM

views 6

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২০২৪ বিত্তীয় বৰ্ষলৈকে জিলাখনত সংশ্লিষ্ট নিকায় আৰু বিভাগসমূহৰ আয়-ব্যয়ৰ খতিয়ান লয়। আজিৰ বৈঠকত নগৰ নিগম আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে ৰাজহ বৃদ্ধিৰ লগতে সেৱাৰ মান উন্নত কৰিবলৈ নিকায়সমূহক বিত্ত আয়োগে পৰামৰ্শ আগবঢ়ায়। ...

March 19, 2025 7:34 PM March 19, 2025 7:34 PM

views 13

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অংশীদাৰিত...

March 19, 2025 7:23 PM March 19, 2025 7:23 PM

views 5

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰী পাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বিদ্বানগৰাকীয়ে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয়, বৰং জাতীয় বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। অনুষ্ঠানত সাহিত্যিক, শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি এখন অভিনন্দন গ্রন্থ উন্...

March 19, 2025 6:56 PM March 19, 2025 6:56 PM

views 13

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱ...

March 19, 2025 6:34 PM March 19, 2025 6:34 PM

views 7

খুলদাবাদত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীৰ আহ্বান

মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীয়ে খুলদাবাদত আইন-শৃংখলা আৰু শান্তি সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ সুৰক্ষা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা কৰে। তেওঁ জিলাখনত শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ স্বাৰ্থত কোনোধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। জিলাধিপতিগৰাকীয়ে যিকোনো ধৰণৰ সন্দেহজনক কার্যকলাপৰ প্ৰতি সম্পূৰ্ণ সষ্টম হৈ থকাৰ লগতে এনেধৰণৰ কাৰ্যকলাপৰ সম্ভেদ পালে, ততালিকে আৰক্ষীক খবৰ দিবলৈ বিষয়াসকলক নির্দেশ দিছে। এইক্ষেত্ৰত বিভিন্ন...

March 19, 2025 6:29 PM March 19, 2025 6:29 PM

views 10

ভূমি কেলেংকাৰী সংক্ৰান্তত লালু প্রসাদ যাদৱক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে চাকৰিৰ বাবে ভূমি কেলেংকাৰী সংক্ৰান্তত আৰ জে ডিৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱক জেৰা কৰি আছে। শ্ৰী প্ৰসাদ আজি পুৱা তেওঁৰ কন্যা, লোকসভাৰ সাংসদ মিছা ভাৰতীৰ সৈতে তদন্ত বিষয়াসকলৰ সন্মুখত হাজিৰ হয়। উল্লেখযোগ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদৰ পত্নী ৰাৰি দেৱী আৰু তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ তেজ প্রতাপ যাদৱ কালি কেন্দ্ৰীয় সংস্থাটোৰ তদন্ত দলৰ সন্মুখত হাজিৰ হৈছিল।

March 19, 2025 5:53 PM March 19, 2025 5:53 PM

views 10

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিলঃ শশী থাৰুৰ

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিল বুলি কংগ্ৰেছ নেতা শশী থাৰুৰে স্বীকাৰ কৰিছে। নতুন দিল্লীত আয়োজিত ৰায়ছিনা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী থাৰুৰে কালি কয়, যে ২০২২ চনত ভাৰতৰ নিৰপেক্ষ স্থিতিৰ সমালোচনা কৰাৰ বাবে তেওঁ আজিও অনুতপ্ত। সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাছিয়াই ইউক্রেইনৰ ওপৰত কৰা আক্ৰমণৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতা কৰিছিল আৰু এই আক্রমণক গৰিহণা দিবলৈ আহ্বান জনাইছিল।

March 19, 2025 5:40 PM March 19, 2025 5:40 PM

views 19

লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছিনা আলোচনাত ভাষণ দি শ্রী মাৰ্ঘেৰিটাই লেটিন আমেৰিকা আৰু কেৰিবিয়' ৰাষ্ট্ৰসমূহকে ধৰি সম ভাৱাপন্ন সহযোগী দেশসমূহৰ সৈতে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ থল আছে বুলি প্...

March 19, 2025 2:45 PM March 19, 2025 2:45 PM

views 5

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগৰাকীয়ে এই প্রভাৱৰ পৰা মুক্ত হোৱাৰ বাবে কঠোৰ শাৰীৰিক অনুশীলন কৰিব লাগিব। নামমাত্ৰ মধ্যাকৰ্ষণৰ মাজত থকাৰ বাবে মানৱ শৰীৰত ন ন প্ৰত্যাহ্বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত এৰ'বিক ক্ষমতা, মাংসপেশীৰ শক্তি, ভাৰসাম...