March 20, 2025 4:15 PM March 20, 2025 4:15 PM

views 7

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্তিৰে তেওঁলোকলৈ সমৰ্থনৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্ত কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্রকাশ কৰি কয় যে আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁলোকক সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রার্থীসকলে যাতে নির্দিষ্ট সময়ত তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে প্রতি সপ্তাহতে এনে অ'পেন হাউছ আয়োজন কৰ...

March 20, 2025 4:08 PM March 20, 2025 4:08 PM

views 11

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰেঃ প্রহ্লাদ যোশী

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ডি এম কে দলে তামিলনাডুত নিজৰ বিফলতা লুকুৱাবৰ বাবে সংসদত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো উত্থাপন কৰিছে। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰে। লোকপিয়লৰ পাছতহে সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে।

March 20, 2025 3:57 PM March 20, 2025 3:57 PM

views 7

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে। এইবেলি এই যাত্ৰাৰ বাবে আধাৰৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি আগ্ৰহী ভক্তসকলে নিজৰ নিজৰ নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ বিস্তৃত তথ্য দাখিল কৰিব লাগিব। চাৰ ধাম যাত্ৰাৰ সময়ত তীর্থযাত্ৰীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে ড০ শতাংশ পঞ্জীয়ন অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰু বাকী ৪০ শতাংশ অফলাইন ব্যৱস্থাৰে সম্পন্ন কৰা হ'ব। এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে হৰিদ্বা...

March 20, 2025 3:48 PM March 20, 2025 3:48 PM

views 14

সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছে। কোভিড-১৯ মহামাৰী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱৰ ফলত উন্নয়নশীল দেশসমূহ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে উল্লেখ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ...

March 20, 2025 3:27 PM March 20, 2025 3:27 PM

views 8

ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। এই ঘটনাটোত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত নিহত দুয়োজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হ...

March 20, 2025 10:46 AM March 20, 2025 10:46 AM

views 12

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয়, যে গ...

March 19, 2025 9:21 PM March 19, 2025 9:21 PM

views 10

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত কাইলৈৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায় আৰু পহিলা এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষা কৰা হ'ব। নথি পৰীক্ষাৰ বাবে যোগ্য বিবেচিত ৪ হাজাৰ ২০০ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.dee.assam.gov.in আপলোড কৰা হৈছে। নথি পৰীক্ষাৰ সময়ত প্...

March 19, 2025 8:46 PM March 19, 2025 8:46 PM

views 15

দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ কৰাৰ আশ্বাস ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি নতুন দিল্লীৰ ৰে'ল ভৱনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি সোনকালে আৰম্ভ কৰা হ’ব বুলি সাংসদগৰাকীক আশ্বাস দিয়ে। সাংসদ শ‍ইকীয়াই কালি নতুন দিল্লীত ৰে'ল বিভাগৰ ৰাজ্য মন্ত্ৰী ৰৱনীত সিং বিটুকো সাক্ষাৎ কৰে। সাক্ষাৎকালত সাংসদগৰাকীৰ সৈতে মাজবাটৰ কেইবাগৰা...

March 19, 2025 8:28 PM March 19, 2025 8:28 PM

views 11

‘মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি’ নামেৰে মিজোৰাম চৰকাৰৰ আঁচনি প্ৰৱৰ্তন

মিজোৰাম চৰকাৰে ৰাজ্যখনত মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি নামেৰে এখন বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে। মিপুই হেল্থ কেয়াৰ বুলি পৰিচিত এই আঁচনিৰ অধীনত মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালকে ধৰি সকলো শ্ৰেণীৰ পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। এই আঁচনিখন আয়ুস্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে যুক্ত কৰা হ'ব আৰু বহিঃ আৰু অন্তর্বিভাগ – দুয়োধৰণৰ ৰোগীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালদুৱমাই আজি ৰাজ্য বিধানসভাত এই আঁচনিৰ বিষয়ে ঘোষণা কৰ...

March 19, 2025 8:26 PM March 19, 2025 8:26 PM

views 17

২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই নিৰ্বাচনত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিয়ে ৩০টাত আৰু বিজেপিয়ে ৬টা সমষ্টিত প্রার্থিত দিছে। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। আজি বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। কামৰূপ জিলা...