March 30, 2025 4:39 PM March 30, 2025 4:39 PM
3
মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত
■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...