November 29, 2025 10:24 PM November 29, 2025 10:24 PM

views 9

কানাডাক পৰাস্ত কৰি ভাৰত চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

● ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ১৪-৩ গ'লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ জুগ্ৰাজ সিঙে চাৰিটা, আৰু ৰাজিন্দ সিঙে দুটা গ'ল কৰে ৷

November 29, 2025 10:08 PM November 29, 2025 10:08 PM

views 6

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ পুনৰ খচৰা প্ৰস্তাৱৰ জাননী

■ মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ বাবে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে আজি পুনৰ খচৰা প্ৰস্তাৱৰ জাননী জাৰী কৰিছে। পৰিষদৰ ৩০ টা সমষ্টিৰ বাবে জিলাখনৰ ৪১০ খন ৰাজহ গাওঁ অন্তর্ভুক্ত কৰি এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈৰ পৰা ২০ ডিচেম্বৰলৈ এই সম্পৰ্কত কাৰোবাৰ দাবী বা আপত্তি থাকিলে লিখিতভাৱে নডেল বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই দাবী আৰু আপত্তি সম্পৰ্কত ২১ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শুনানি অনুষ্ঠিত হ'ব আৰু ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।

November 29, 2025 9:52 PM November 29, 2025 9:52 PM

views 10

আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে পৰহিলৈৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি পৰহিলৈৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। বিয়লি ৫ বাজি ১৫ মিনিটৰ আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এ...

November 29, 2025 10:50 PM November 29, 2025 10:50 PM

views 8

ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন: ৰাজনাথ সিং

■ ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন। আজি উত্তৰাখণ্ডৰ মচুৰীস্থিত লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচনত অনুষ্ঠিত হোৱা ১০০ সংখ্যক বুনিয়াদী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই উন্নয়নৰ যাত্ৰাত সমানে অংশগ্রহণ কৰিব লাগিব। যি সময়ত মানৱতাই বহু নৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সময়ত আম...

November 29, 2025 10:47 PM November 29, 2025 10:47 PM

views 6

শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকললৈ ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ

● শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্রিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰকাৰ্যত সহায়ৰ বাবেও এন.ডি.আৰ.এফৰ ৮০ জন জোৱানক শ্রীলংকালৈ পঠিওৱা হৈছে। উল্লেখযোগ্য যে ডিটৱা ঘূর্ণিবতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ...

November 29, 2025 10:42 PM November 29, 2025 10:42 PM

views 10

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ

■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত "Issues Before Parliament" হিন্দীত এই অনুষ্ঠান "Sansad Ke Samaksh Mudde". শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ'ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি ৯.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰচাৰ কৰা হ'ব। শ্ৰো...

November 29, 2025 10:38 PM November 29, 2025 10:38 PM

views 10

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিটেলাইজ কৰা হৈছে৷ উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ...

November 29, 2025 7:21 PM November 29, 2025 7:21 PM

views 4

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি পাইছে আৰু ১০০ৰো অধিক লোকসন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকালৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু কৰ্তৃপক্ষসমূহে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰিছে। বাট-পথৰ ক্ষতি সাধন হোৱাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত এলেকাসমূহ বাকী অংশৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে। বিমানেৰে বেয়াকৈ ক্ষতিগ্ৰস্ত উত্তৰ সুমাত্ৰা প্ৰদেশত মধ্য তপানুলি দিলাত সাহাৰ্য সামগ্ৰী য...

November 29, 2025 7:18 PM November 29, 2025 7:18 PM

views 7

এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

■ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমানসেৱাৰ বাধ্যতামূলক সুৰক্ষাৰ দিশৰ পৰা প্রয়োজনীয় সাল-সলনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ অধীনত এয়াৰবাছ A318, A319, A320 আৰু A321 বাহিনীক সামৰি লোৱা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষা আৰু সংশোধন সম্পূর্ণ নোহোৱালৈকে উৰনত বাধা দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰবাছে বিশ্বযুৰি ইয়াৰ A320 শ্ৰেণীৰ সহস্রাধিক বিমান ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰায় ছয় হাজাৰ বিমান ...

November 29, 2025 7:07 PM November 29, 2025 7:07 PM

views 7

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ- বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ...