April 2, 2025 9:23 PM April 2, 2025 9:23 PM

views 34

ডেৰ বছৰৰ ভিতৰত সকলো ৰে’ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ’বঃ অশ্বিনী বৈষ্ণৱ

ডেৰ বছৰৰ ভিতৰত সকলো ৰে'ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ'ব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ৰে'ল ষ্টেচনত চিচি টিভি কেমেৰা স্থাপনৰ কাম চলি আছে। মহিলাসকলৰ নিৰাপত্তা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰে'লৱেই মহিলাসকলৰ সুৰক্ষাৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয় যে প্ৰতিটো সংমণ্ডল, মণ্ডল আৰু ৰে'ল পৰিষদত কেন্দ্ৰীয় কক্ষ স্থাপন কৰা হৈছে আৰু এই কক্ষৰ জৰিয়ত...

April 2, 2025 8:58 PM April 2, 2025 8:58 PM

views 12

অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নির্বাচন অনুষ্ঠিত নহয়। প্রথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোট...

April 2, 2025 8:17 PM April 2, 2025 8:17 PM

views 19

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱফ পৰ...

April 2, 2025 7:23 PM April 2, 2025 7:23 PM

views 8

মহাৰাষ্ট্ৰৰ ছাহপুৰ বুলধানা ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু, আহত ২৬ জন

মহাৰাষ্ট্ৰৰ ছাহপুৰ বুলধানা ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৬ জন আহত হয়। দুখন বাছ আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষত এই লোককেইজন হতাহত হয়। আহত যাত্ৰীসকলক ছাহপুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

April 2, 2025 7:18 PM April 2, 2025 7:18 PM

views 11

ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ যুৱক-যুৱতীসকলক দেশৰ উন্নয়নৰ যাত্ৰাত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে যুৱ সংসদত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক দেশৰ ৩০০ খন জিলাৰ পৰা বাচনি কৰা হৈছে আৰু তেঁওলোকে যুৱ সংসদ...

April 2, 2025 6:25 PM April 2, 2025 6:25 PM

views 18

মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাক্‌ফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকুল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছে। বিধেয়কখনত বিৰোধিতা কৰাসকলক সমালোচনা কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোকে একমাত্র ৰাজনৈতিক কাৰণতহে এনে কৰিছে। একেধৰণৰ মত প্ৰকাশ কৰি সামাজিক ন্যায় ৰাজ্যমন্ত্রী বি এল বার্মাই কয়, যে বিধেয়কখন মুছলমান সকলৰ স্বাৰ্থৰ...

April 1, 2025 12:56 PM April 1, 2025 12:56 PM

views 18

উত্তৰ-পূৰ্বাঞ্চলক লৈ মহম্মদ ইউনুছৰ মন্তব্যক তীব্ৰভাৱে গৰিহণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক মহাসাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ড০ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকেন নেক কৰিড'ৰৰ চাৰিওফালে আৰু অধিক শক্তিশালী ৰে'ল আৰু পথৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উত্তৰ-পূৱক মূল ভাৰতৰ সৈতে সংযোগ কৰাৰ বিকল্প পথসমূহৰ অন্বেষণ সন্দৰ্ভত ...

April 1, 2025 12:49 PM April 1, 2025 12:49 PM

views 12

গহপুৰত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ সামৰণি

● গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ থলী কন কন শিশুসকলৰ মাতত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা ম‍ইনা পাৰিজাতৰ পৰা অহা প্ৰায় ৩০০ৰো অধিক শিশু আৰু শিশুপ্রেমী ব্যক্তিৰ উপস্থিতিত কালি মূল সভাখন অনুষ্ঠিত হয়। সভাখনত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰা, মুখ্য অতিথি, নগাঁও জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতি আৰু সদৌ অ...

April 1, 2025 11:57 AM April 1, 2025 11:57 AM

views 20

সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’বঃ গুৱাহাটী পৌৰ নিগম

● গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ'ব বুলি প্ৰকাশ কৰিছে। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে একাংশ লোকে আহ্বান জনাইছিল যদিও নিগমে সময়সীমা বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। আজিৰেপৰা অতিৰিক্ত ২০ শতাংশ কৰ আদায় কৰা হ'ব বুলিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। নিগমৰ সূত্ৰই প্ৰকাশ কৰা মতে এটা বিত্তীয় বৰ্ষৰ সম্পত্তিৰ কৰ ৩১ মাৰ্চৰ ভিতৰত জমা দিব লাগে। যিসকলে কালিৰ ভিতৰত এই কৰ জমা দিয়া নাই তেওঁলোকৰ পৰা অতিৰিক্ত ২০ শতাংশ জৰিমণা আদায় কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে...

April 1, 2025 11:48 AM April 1, 2025 11:48 AM

views 7

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী

● কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ - পি এফ আৰ ডি এ-য়ে শেহতীয়াকৈ এই আঁচনিৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তিনিটা গোটৰ সৈতে সম্পর্কিত নীতি-নির্দেশনাসমূহ প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথম শ্ৰেণীত ২০২৫ চনৰ ১ এপ্ৰিললৈকে সেৱাত জড়িত থকা আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰে সামৰি লোৱা বৰ্তমানৰ কেন্দ্ৰীয় চ...