April 3, 2025 8:19 PM April 3, 2025 8:19 PM

views 9

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে অটোরিক্সাখনৰ চালক আৰু আন তিনিজন যাত্ৰীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হৈছে। ডাম্পাৰখনৰ চালক বৰ্তমান ...

April 3, 2025 8:15 PM April 3, 2025 8:15 PM

views 7

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হ'ব। কাইলৈ পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। স্মৃতি তৰ্পণ, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি নবীন শিক্ষাবিদ ড° মনোজ কুমাৰ পাটোৱাৰীয়ে তিনিওটা দিনব অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত কৃত্রিম বুদ্ধিমত্তা আৰু ইয়াৰ ভৱিষ্যত শীর্ষক বিশেষ বক্তৃতানুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড° ইফটাক হুছেইন সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। একেদৰে কৰ্কট ৰোগ সম্পৰ্কীয়...

April 3, 2025 8:12 PM April 3, 2025 8:12 PM

views 13

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কবিতাৰ লগতে গীত, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, ৰম্য ৰচনাকে ধৰি কেইবাটাও শিতানত সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীৰ উচ্চ মানসম্পন্ন সৃষ্টিসমূহে পঢ়ুৱৈক আলোড়িত কৰে। চতুর্থ দশকতে কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা বৰুৱাৰ কবিতাৰ সংখ্যা তাকৰ যদিও ব্ৰহ্মপুত্ৰ, চেনৰ পাৰত, জেংৰাই–১৯৬৩ কে ধৰি কবিতাসমূ...

April 3, 2025 7:30 PM April 3, 2025 7:30 PM

views 16

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ১১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ কৰা হ'ব। দ্বিতীয় পর্যায়ত অহা ৭ মে...

April 3, 2025 7:00 PM April 3, 2025 7:00 PM

views 11

পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠে কয়, যে অনাগত তিনি মাহৰ ভিতৰত এটা নতুন নির্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে বিচাৰপীঠে লগতে মানৱীয় দৃষ্টিভংগীৰে দিব্যাংগ কৰ্মচাৰীসকল...

April 3, 2025 6:54 PM April 3, 2025 6:54 PM

views 9

BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ড° জয়শংকৰে কয়, যে সংগঠনটোৰ নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছে। BIMSTEC-ক ভাৰতবৰ্ষৰ পূবলৈ চোৱা, চুবুৰীয়াক অগ্ৰাধিকাৰ প্ৰদান আৰু মহা-সাগৰ দৃষ্টিভংগী-এই তিনিবিধ নীতিৰ সমাহাৰ বুলি অভিহ...

April 3, 2025 6:00 PM April 3, 2025 6:00 PM

views 4

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাসকলৰ স্বাৰ্থৰ অনুকুলেহে গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিব বুলিও সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নেতাগৰাকীয়ে উল্লেখ কৰে।

April 3, 2025 5:34 PM April 3, 2025 5:34 PM

views 10

মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলৰ সদন ত্যাগ

বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলে আজি সদন ত্যাগ কৰে। আজি পুৱা সদন মিলিত হোৱাৰ সময়তে শ্ৰী খাৰ্গেই কয়, যে বিজেপিৰ নেতাজনে উত্থাপন কৰা এই ভিত্তিহীন অভিযোগে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। শ্রী ঠাকুৰে কালি লোকসভাত প্ৰকাশ কৰা এই মন্তব্যৰ বাবে বিৰোধী পক্ষৰ নেতাগৰাকীয়ে তেওঁক ক্ষমা খুজিবলৈ দাবী জনায়। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয়, যে সদন বিবেচনাহীন তথ্য দাখিলৰ কেন্দ্ৰ নহয় আৰু দশক দশক জোৰা ...

April 3, 2025 5:29 PM April 3, 2025 5:29 PM

views 11

ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলৰ আদৰণি

লোকসভাত কালি গৃহীত ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলে আদৰণি জনাইছে। আইনী ক্ষেত্ৰ আৰু বৌদ্ধিক মহলৰ বিজ্ঞ ব্যক্তিসকলে এই বিধেয়কৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে কৈছে যে ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক ৱক্‌ফ ব'ৰ্ডৰ বিভিন্ন দুৰ্নীতি আৰু ন্যায়িক দিশৰ সমস্যাসমূহ সমাধান কৰিব পৰা যাব। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কৰ্ণাটকৰ ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ আনোৱাৰ মণিপাডিয়ে কয়, যে এই বিধেয়কখন কাৰ্যকৰী হ'লে ৱক্‌ফ ব'ৰ্ডৰ যিকোনো ৰায় সন্দৰ্ভত জনসাধাৰণে উচ্চ আদালত...

April 2, 2025 9:27 PM April 2, 2025 9:27 PM

views 10

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে। ৰাজ্যসভাই আজি বিধেয়কখনত অনুমোদন জনায়। লোকসভাত বিধেয়কখন ইতিপূর্বে গৃহীত হৈছে। এই বিধেয়কখনৰ জৰিয়তে দেশত বিদেশীৰ আপ্ৰৱাসন, প্ৰবেশ আৰু বাস নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে আৰু আপ্ৰৱাসন আইনসমূহৰ আধুনিকীকৰণেই বিধেয়কখনৰ মূল উদ্দেশ্য।