May 21, 2025 9:14 PM

views 29

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰা বুলি এটা ভিডিঅ'ত প্ৰকাশ কৰিছিল য'ত প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে চুমি অঞ্চলত বাৰে বাৰে বোমাবর্ষণ কৰা হৈছে আৰ ইউক্রেইনে চুমি সীমান্ত অঞ্চলৰ পৰা ৰাচিয়াৰ চুবুৰীয়া ক...

May 21, 2025 9:13 PM

views 31

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে ২১ মে'ৰ দিনাখন এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে ২০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে ৫৪ শতাংশ। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্রভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচা পাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। চাহ নগৰীৰূপে পৰিচিত তিনিচুক...

May 21, 2025 9:04 PM

views 24

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমনৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমন ঘটিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনৰ ভিতৰত বতাহজাকে কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে কৈছে যে, কেৰালাত বতাহজাকৰ আগমনৰ বাবে অনুকুল বাতাবৰণ গঢ়ি উঠিছে। আকাশবাণীৰ সৈতে হোৱা আচুতিয়া কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী নৰেশ কুমাৰে কয় যে দক্ষিণ পশ্চিম মৌচুমী বতাহজাকে পৰৱৰ্তী ৩-৪ দিনৰ ভিতৰত কেৰালাত প্ৰৱেশ কৰা আৰু ইয়াৰ পাছতে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাই বিশেষলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে।

May 21, 2025 8:49 PM

views 29

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰচৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা অভিযোগৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ অভয় এছ. ওকা আৰু উজ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আবেধনখন খাৰিজ কৰি কয় যে মুখ্য ন্যায়াধীশে তদন্ত প্রতিবেদন আৰু ন্যায়াধীশ বাৰ্মাৰ উত্তৰ ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে কয় যে, আবেদনকাৰীয়ে প্ৰথমে সংশ্লিষ্ট বিষয়াৰ সৈ...

May 21, 2025 8:09 PM

views 17

পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত সর্বদলীয় প্রতিনিধি দল ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা

অপাৰেচন সিন্দূৰ সম্পৰ্কীয় ভাৰতৰ কূটনৈতিক প্ৰয়াস আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দল আজি ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা হয়। এই প্ৰতিনিধিৰ দলটোৱে ইন্দোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰলৈ যাব আৰু সকলোধৰণৰ সন্ত্ৰাসবাদৰ সন্মুখীন হোৱাৰ বাবে গ্ৰহণ কৰা দেশৰ দৃঢ় দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰিব। ৰাওনা হোৱাৰ পূৰ্বে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ঝাই কয়, যে সন্ত...

May 21, 2025 8:05 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 21, 2025 8:01 PM

views 20

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সৰ্বাত্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এই...

May 21, 2025 7:58 PM

views 20

অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে।কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী খার্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব...

May 21, 2025 7:54 PM

views 32

কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় চৰকাৰে ২৯ মে'ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু জনসাধাৰণক বতৰৰ বতৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে।

May 21, 2025 7:53 PM

views 27

ছট্টিশগড়ৰ নাৰায়ণপুৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত

ছট্টিশগড়ৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছট্টিশগড়ৰ নাৰায়ণপুৰ, দান্তেৱাৰা, বিজাপুৰ আৰু কন্দাগাঁৱৰ জিলা সংৰক্ষিত বাহিনীৰ এটা যৌথ দলে অবুঝমাড় এলেকাত নক্সালবাদীৰ এজন শীর্ষ নেতা আৰু ভালেসংখ্যক নক্সালবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰি আজি পুৱা চলোৱা অভিযানত এই নক্সালবাদীকেইজন নিহত হয়। আমালৈ বাতৰি অহাৰ পৰলৈকে নক্সালবাদী আৰু সুৰক্ষা ...