April 5, 2025 7:46 PM April 5, 2025 7:46 PM

views 8

ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ত ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ

ব্রাজিলত চলি থকা ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ কৰিছে। জামৱালে যোৱা নিশা ই টালীৰ জিয়ান লুইগী মালাংগাক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী আজি অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ব্রাজিলৰ ইউৰী ৰেইচৰ মুখামুখি হ'ব। আনহাতে পুৰুষৰ ৭০ কিলোগ্রাম শাখাৰ ফাইনেলত ভাৰতৰ হিতেশে ইংলেণ্ডৰ উডেল কামাৰাৰ মুখামুখি হ'ব। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেলত হিতেশে ফ্ৰান্সৰ মাকান ট্রাউৰেক ৫-০ ফললাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইতিমধ্যে ভাৰতীয় বক্সাৰ মনিশ ...

April 5, 2025 6:54 PM April 5, 2025 6:54 PM

views 8

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী সোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয়, যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্রিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হ'লে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্রিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও কে...

April 5, 2025 3:45 PM April 5, 2025 3:45 PM

views 10

আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এই আইনখন অনা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত গৃহিত হোৱা এই বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। এই আইনখনৰ জৰিয়তে আব্রজন সম্পৰ্কীয় নীতিসমূহ উন্নীত কৰিব বিচৰা হৈছে। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰক...

April 5, 2025 3:35 PM April 5, 2025 3:35 PM

views 8

প্রধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিচ্চানায়কেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ জৰিয়তে চুবুৰীয়া দেশদুখনৰ মাজত কৌশলগত উন্নয়নমূলক মিত্ৰতা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। দুয়োগৰাকী নেতাৰ উপস্থিতিত প্ৰতিৰক্ষা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত কৰে। এখন সংবাদ মেলত প্রধানমন্ত্রীয়ে কয় যে এয়া কেৱল তেওঁৰ প্ৰতি আগবঢ়োৱা সন্মান নহয়। বঞ...

April 4, 2025 8:52 PM April 4, 2025 8:52 PM

views 5

জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে ভাৰতে আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব

ভাৰতে মানৱ, বন্যপ্ৰাণী আৰু পৰিবেশৰ সংযোগস্থলীত জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে এটা আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব। ছিকিম, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ নিৰ্বাচিত পক্ষী অভয়াৰণ্য আৰু জলাশয়ত এই অধ্যয়ন কৰা হ'ব। মানুহ আৰু পৰিভ্ৰমী চৰাই উভয়ৰে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে এই বৈজ্ঞানিক অধ্যয়নৰ সহায় লোৱা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি এই গৱেষণাৰ জৰিয়তে পক্ষী অভয়াৰণ্যত কৰ্মৰত আৰু অভয়াৰণ্যৰ ওচৰৰ বাসিন্দাসকলৰ সম্ভাৱ্য সংক্ৰমিত ৰোগ ধৰা পেলোৱ...

April 4, 2025 8:48 PM April 4, 2025 8:48 PM

views 10

দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীলৈ আহ্বান

দক্ষিণ কোৰিয়াৰ তত্বাৱধায়ক প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীক আহ্বান জনাইছে। দেশখনৰ সাংবিধানিক আদালতে পদচ্যুত ৰাষ্ট্ৰপতি উন চুক ইয়লৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাবলৈ দিয়া নিৰ্দেশৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি ছিউলত দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া, সেনাবাহিনীৰ মুৰব্বী আৰু সশস্ত্র বাহিনীকেইটাৰ মুৰববীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰ কোৰিয়াই পৰ...

April 4, 2025 8:41 PM April 4, 2025 8:41 PM

views 16

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩২ কোটি ৫১ লাখ টকা মুকলি কৰি দিছে। মন্ত্রালয়ে জনায় যে এই আঁচনিৰ জৰিয়তে এই ৱাৰ্ডসমূহৰ স্কুল, কলেজ আৰু আন পেচাদাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী...

April 4, 2025 8:00 PM April 4, 2025 8:00 PM

views 4

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এখন সংবাদ মেলক উদ্দেশ্যি কয় যে এই প্রকল্পসমূহে মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তিশগড়ৰ ১৫খন জিলাক সামৰি ল’ব আৰু ভাৰতীয় ৰে’লৰ ১,২৪৭ কিলোমিটাৰ পৰিধিক সামৰি এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰিব। তেওঁ জনায় যে এই প্রকল্পসমূহে সম্বলপুৰ-জাৰপাড়াৰ তৃতীয় আৰু চতুর্থ লাইন, ঝাচুগুড়া- ছেচনৰ তৃতীয় আৰু চতুৰ্থ লাইন, খাৰ্ছিয়া-নয়া ৰায়পুৰ-পাৰমলকাছাৰ পঞ্চম তথা ষষ্ঠ লাইন আ...

April 4, 2025 7:51 PM April 4, 2025 7:51 PM

views 13

কাৰ্বি আংলঙৰ বোকাজানত উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক

কাৰ্বি আংলং জিলাৰ বোকাজানত আজি উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক কৰে। আটকাধীন প্রাক্তন সেনা জোৱানজন ডিমাপুৰৰ পৰা লিডুলৈ ৰে'লযোগে গৈ আছিল। ধৃত লোকজনৰ নাম নাওনি কন্যাক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।

April 4, 2025 7:45 PM April 4, 2025 7:45 PM

views 11

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ হৈছে। এই অধিবেশনৰ বাবে ১৫ খন উপ সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা ৫ হাজাৰ প্ৰতিনিধিক আদৰণি জনাই আপ্যায়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত সভাপতি পলাশ চাংমাই সংগঠনৰ পতাকা উত্তোলন কৰি অসমত পূর্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰলৈ দাবী জনায়।