April 9, 2025 1:02 AM April 9, 2025 1:02 AM

views 17

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়৷ Read More News :  ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ ...

April 5, 2025 9:16 PM April 5, 2025 9:16 PM

views 18

বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীৰ বাবে প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কর্মশক্তিৰ সৈতে সংযুক্ত হ'ব খোজা শিক্ষার্থীসকলৰ বাবে এটা প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিদেশী যোগ্যতা চিনাক্তকৰণৰ বাবে স্বচ্ছ প্রযুক্তি আধাৰিত ব্যৱস্থা বিকশাই তোলা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদীশ কুমাৰে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষ...

April 5, 2025 9:13 PM April 5, 2025 9:13 PM

views 18

যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বহুকেইখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কয়, যে চৰকাৰে প্ৰাকৃতিক বিপর্যয়ৰ ঠিক পাছতে ৰাজ্যকেইখনলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে। মন্ত্ৰালয় লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ অধীনত ২৮ খন ৰাজ্যলৈ ২০ হাজাৰ ২৬৪ কোটিৰো অধিক টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজিৰ পৰ...

April 5, 2025 9:08 PM April 5, 2025 9:08 PM

views 14

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্রেম চোপ্ৰা, চলিম খান, আৰবাজ খান, অনু মালিক, বিন্দু দাৰাসিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰাজকে ধৰি চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক অভিনেতা আৰু বিশিষ্ট ব্যক্তিয়ে অন্তেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থাকে।

April 5, 2025 9:06 PM April 5, 2025 9:06 PM

views 14

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰু শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বস্তাৰ পাণ্ডুমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ...

April 5, 2025 9:04 PM April 5, 2025 9:04 PM

views 21

৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব।

April 5, 2025 9:01 PM April 5, 2025 9:01 PM

views 4

ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে আজি দৰং জিলাৰ ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক কৰে। নির্দিষ্ট অভিযোগৰ ভিত্তিত দুর্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে অভিযুক্ত ছিপাঝাৰ কুৰুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী আমিনুল ইছলামক ধৰিবলৈ বেহু ৰচনা কৰে। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিজুলীবাৰীত অভিযোগকাৰীৰ সৈতে অৱস্থান কৰা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পূৰ্বৰ নিৰ্ধাৰিত অনুসৰি ৫ হাজাৰ টকা অভিযোগকাৰীৰ হাতৰ পৰা গ্ৰহণ কৰাৰ সময়তে আমিনুল ইছলামক আৰক্ষীয়...

April 5, 2025 8:58 PM April 5, 2025 8:58 PM

views 2

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। ১২ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা একে স্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দাখিল কৰিব পাৰিব। জিল...

April 5, 2025 8:04 PM April 5, 2025 8:04 PM

views 5

প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামক তেওঁৰ জয়ন্তী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে সমাজৰ বঞ্চিত তথা প্রান্তীয় লোকসকলৰ অধিকাৰৰ হকে জগজীৱন ৰামে কৰা জীৱনজোৰা সংগ্ৰামৰ জৰিয়তে জনসাধাৰণ চিৰকাললৈ উৎসাহিত হৈ থাকিব।

April 5, 2025 7:47 PM April 5, 2025 7:47 PM

views 9

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত হোৱা বুলি অট্টাৱাত থকা ভাৰতীয় উচ্চায়ুক্তই নিশ্চিত কৰিছে। সামাজিক মাধ্যমত ঘটনাটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি আয়োগে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰা বুলি সদৰি কৰিছে। নিহত লোকজনৰ পৰিয়াললৈ সম্ভাব্য সকলো সাহার্য আগবঢ়োৱাৰ বাবে আয়োগে এটা স্থানীয় সামূহিক সংস্থাৰ সৈতে যোগাযোগ ৰখা বুলিও জানিব পৰা গৈছে।