April 9, 2025 3:06 PM April 9, 2025 3:06 PM

views 4

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

April 9, 2025 2:59 PM April 9, 2025 2:59 PM

views 5

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standi...

April 9, 2025 2:51 PM April 9, 2025 2:51 PM

views 14

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...

April 9, 2025 12:09 PM April 9, 2025 12:09 PM

views 2

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা

■ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্রান্তে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। গ্ৰামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ক...

April 9, 2025 11:55 AM April 9, 2025 11:55 AM

views 11

ভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত

■ ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহেও নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নির্বাচনৰ বাবে দলীয় কাম-কাজ চলাই আছে। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষ আৰু নির্বাচনী আচৰণ বিধি নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ এটা প্রশিক্ষণ কালি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত...

April 9, 2025 10:42 AM April 9, 2025 10:42 AM

views 7

অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছেঃ মুখ্যমন্ত্রী

● অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত ৭.৯ শতাংশ হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ সমৰ্থ হ’ব। ৰাজ্যখনৰ বিনিয়োগকাৰী সমৰ্থ নীতি, আন্তঃগাঁথনি উন্নয়ন, প্রতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ কাৰক বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে মূলধনী ব্যয়ৰ ক্ষেত্...

April 9, 2025 8:32 AM April 9, 2025 8:32 AM

views 11

ম্যানমাৰত বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫ লৈ বৃদ্ধি

■ ম্যানমাৰত শেহতীয়াকৈ অহা ৭.৭ প্রাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫লৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও ৫,০১৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ১৪৮ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা ২৮ মাৰ্চত জোকাৰি যোৱা দুটাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছোৱাত বৰ্তমানলৈকে ২.৮ৰ পৰা ৭.৫ প্রাবল্যৰ মুঠ ৯৮টা জোকাৰণি অনুভূত হৈছে বুলি ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জল বিজ্ঞান বিভাগে জানিবলৈ দিছে। এই ভূমিকম্পত দেশখনৰ প্ৰায়বোৰ অঞ্চলত বিশেষকৈ ৩খন মূল চহৰ ছাগায়িং, মা...

April 9, 2025 8:24 AM April 9, 2025 8:24 AM

views 8

সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। শ্রীমোদীয়ে মুছলমান সম্প্রদায়কে ধৰি সকলো সম্প্ৰদায়ৰ হিত সাধনৰ বাবে এখন উল্লেখনীয় আইন প্ৰৱৰ্তনৰ বাবে সংসদক অভিনন্দন জনায়। এটা ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰা এটা অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয়, যে এতিয়াৰে পৰা মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকলৰ উপৰি মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়নৰ ...

April 9, 2025 8:18 AM April 9, 2025 8:18 AM

views 16

পৰ্টুগাল ভ্ৰমণ সামৰি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত ৰাষ্ট্ৰপতি মৰ্মু

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ্টুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড়’ এগুয়াৰ ব্ৰাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিগত ২৭ বছৰত এয়া আছিল ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো পৰ্টুগাল ভ্রমণ। ব...

April 9, 2025 1:12 AM April 9, 2025 1:12 AM

views 8

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত ট্ৰাকৰ মালিকে এই সন্দৰ্ভত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপচান আলী আৰু ইমানুল হক নামৰ ট্ৰাক চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে। ট্রাক চালক দুজনৰ ভাষ্যৰ ভিত্তিতে ট্রাকখন ...