April 11, 2025 6:56 PM April 11, 2025 6:56 PM

views 20

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

April 11, 2025 6:54 PM April 11, 2025 6:54 PM

views 14

হিংসাত্মক প্ৰতিবাদ সাব্যস্তৰ গোচৰত চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক গ্ৰেপ্তাৰ নেপাল আৰক্ষীৰ

নেপাল আৰক্ষীয়ে চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৮ মাৰ্চত তিনকোনিত হিংসাত্মক প্ৰতিবাদৰ পাছৰে পৰা তেওঁ পলাতক অৱস্থাত আছিল। এই প্ৰতিবাদত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাটাও অট্টালিকা আৰু ব্যক্তিগত সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল। আৰক্ষীয়ে শ্ৰী প্ৰচাইক ঝাপাৰ ভদ্ৰপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে কাঠমাণ্ডুলৈ লৈ আনে। দুৰ্গা প্ৰচাইৰ লগতে আৰক্ষীয়ে তেওঁৰ সহযোগী দীপক খাৰাকো গ্ৰেপ্তাৰ কৰে৷

April 11, 2025 6:35 PM April 11, 2025 6:35 PM

views 16

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলতহে গ্ৰহণ কৰা হ'ব। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী বঁটা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্...

April 11, 2025 6:32 PM April 11, 2025 6:32 PM

views 4

প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী মোদী চৰকাৰক শলাগ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰখনৰ শলাগ লৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লীৰ স্বাস্থ্য খণ্ডৰ দিশত এয়া হৈছে এটা উল্লেখনীয় পদক্ষেপ। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লাখ লাখ নাগৰিক বিশেষভাৱে উপকৃত হ'ব।

April 11, 2025 6:29 PM April 11, 2025 6:29 PM

views 8

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাহেত অহা পহিলা জুনৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। সাগৰীয় জৈৱ বৈচিত্ৰৰ দীৰ্ঘদিনীয়া বহন ক্ষমতা সুনিশ্চিত কৰাৰ লগতে মাছৰ প্ৰজনন সুনিশ্চিত কৰাৰ লক্ষ্যৰে সাময়িকভাৱে প্ৰতি বছৰে এই মাছধৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মীন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তি যোগে মাছধৰাত নিষেধাজ্ঞা ঘোষণা কৰি কয়, যে অহা ১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ পুডুচেৰী, কাড়াইকল আৰু য়ানমৰ উপকূলীয় অঞ্চলত তথা পহি...

April 11, 2025 6:26 PM April 11, 2025 6:26 PM

views 8

সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে মহাত্মা ফুলে প্ৰকৃতাৰ্থত এগৰাকী মানৱতাৰ সেৱক আছিল বুলি উল্লেখ কৰি কয়, যে তেওঁ সমাজৰ শোষিত-নিষ্পেষিত জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে।

April 11, 2025 6:23 PM April 11, 2025 6:23 PM

views 6

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে দলৰ উপ-সাধাৰণ সচিব পনমুদীক পদৰ পৰা বহিষ্কাৰ কৰিছে

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে আজি দলৰ উপ-সাধাৰণ সচিব পনমুদীক এই পদৰ পৰা বহিষ্কাৰ কৰে। পনমুদীয়ে মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ডি এম কেৰ সাংসদ কানিমুঝিকে ধৰি বিভিন্ন মহলে ইয়াৰ ব্যাপক সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। পনমুদীয়ে ষ্টেলিন চৰকাৰৰ বন মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰি আছিল। মন্ত্ৰীগৰাকীৰ মন্তব্য ভিডিঅ’টো অনলাইন মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ ফলত দলৰ শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ত্ৰ...

April 11, 2025 6:02 PM April 11, 2025 6:02 PM

views 7

বাৰানসীৰ মেহদিগঞ্জত ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ মেহদিগঞ্জত আজি ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পথ আন্তঃগাঁথনিৰ বিকাশ, বিদ্যুৎ, শিক্ষা আৰু পৰ্যটন খণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহৰ জৰিয়তে বাৰাণসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত এখন জনসভাত অংশ লৈ বাৰানসী চহৰৰ দ্ৰুত উন্নয়নৰ বিষয়ত আলোকপাত কৰি কয়, যে কাশী এতিয়া কেৱল এখন প্রাচীন চহৰ হিচাপে পৰিচিত হোৱাই নহয়, বৰং প্ৰগতিৰ উল্লেখনীয় নিদর্শন হিচাপেও পৰিচিত হৈছে। শ্ৰ...

April 9, 2025 3:51 PM April 9, 2025 3:51 PM

views 9

অসম-নাগালেণ্ড সীমান্তত নগা লোকে এজন অসমীয়া কৃষকক গুলীয়াই হত্যাৰ ভাবুকিৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনা

● অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰৰ কলাজান অঞ্চলৰ সমীপৰ জুজুংয়ান গাঁৱত নগা লোকে এজন অসমীয়া কৃষকক বন্দী কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছত অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। এটা নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত জুজুংয়ান গাঁৱৰ নগা লোকে বাঁহ চুৰিৰ অভিযোগত এজন অসমীয়া যুৱকক বন্দী কৰে। পাছত লোকজনক নগা গাঁৱৰ মহিলাসকলে বন্দুকেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। অৱশ্যে যুৱকজনে সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। নাগালেণ্ড আৰু অসমৰ মাজত স্পষ্...

April 9, 2025 3:12 PM April 9, 2025 3:12 PM

views 22

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষি...