May 26, 2025 8:51 PM

views 32

সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছেঃ জগদীপ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। সমগ্র দেশে আজি আমাৰ সশস্ত্র বাহিনীৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মধ্য প্ৰদেশৰ নৰসিংপুৰত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষি উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অপাৰেশ্বন সিন্দূৰৰ জৰিয়তে সন্ত্রাসবাদীক দিয়া শিক্ষাই সমগ্র দেশবাসীক আশ্বস্ত কৰিছে। সমগ্ৰ বিশ্বকে নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে এটা স্পষ্ট বার্তা দিলে বুলিও উপৰাষ্...

May 26, 2025 8:41 PM

views 28

লখিমপুৰত ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ

লখিমপুৰত আজি ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ কৰা হয়। মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ ৩ হাজাৰ অংগনৱাড়ী কৰ্মীক স্মার্ট ফোন প্ৰদান কৰে। অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক মানৱ ডেকা উপস্থিত থাকে। অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে মন্তব্য কৰে।

May 26, 2025 8:29 PM

views 30

ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ'ৰাৰ গৃহ উদ্বোধন কৰে। অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ ৩ কোটি টকা আবণ্টনেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা জিৰণী চ'ৰাই জিলাখনৰ লোকসকলক উপকৃত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্রকাশ কৰে।

May 26, 2025 8:14 PM

views 21

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন দিছে। ডিব্ৰুগড় জিলা প্রশাসনেও এই যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহলৈ হিতাধিকাৰীসকলক একেবাৰতে চাউল বিতৰণ কৰাৰ ব্যৱস্থা লৈছে। এই অনুসৰি হিতাধিকাৰীসকলে প্ৰতিটো মাহত লাভ কৰা চাউলৰ তথ্য পৃথকে পৃথকে প্রমাণীকৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জুন, জুলাই আৰু আগষ্টৰ বাবে অহা ১ জুনৰ পৰা ২০ জুনলৈ অন্নসেৱা দ...

May 26, 2025 7:01 PM

views 20

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ

অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰো দায়িত্ব দিয়...

May 24, 2025 5:46 PM

views 18

পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা উত্তৰ প্ৰদেশৰ কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ চেক দ্বিবেদীৰ পৰিয়ালবৰ্গক অৰ্পণ কৰে।

May 24, 2025 4:25 PM

views 31

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ ৩ মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ তিনিজন মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়৷ যোৱা নিশা লাতেহাৰ জিলাৰ ছলাইয়া অৰণ্যৰ সমীপত আৰক্ষীৰ সৈতে মাওবাদী দলৰ গুলিয়াগুলি হয়। নিহত পাপ্পু লোহাৰা আছিল ঝাৰখণ্ড জনমুক্তি পৰিষধ নামৰ নক্সাল সংগঠনটোৰ মুৰব্বী। চৰকাৰে তেওঁৰ ওপৰত ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰা অনুসৰি ৰাজ্যখনত বৰ্তমান কিছুসংখ্য নক্সাল বিদ্রোহীহে সক্ৰিয় হৈ আছে।

May 24, 2025 4:20 PM

views 10

বাহৰেইনত উপস্থিত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল

বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল আজি বাহৰেইনত উপস্থিত হৈছে। দলটোৱে সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক দেশখনৰ নেতৃবৰ্গৰ সন্মুখত তুলি ধৰিব। এই মুখামুখিত প্রতিনিধিদলটোৱে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদ সম্পৰ্কত ভাৰতৰ অনমনীয় স্থিতিৰ সন্দৰ্ভতো দেশখনক অৱগত কৰাব। সাংসদ পাণ্ডা আৰু অন্যান্যসকলক বিমান বন্দৰত বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনোদ কে জেকবে আদৰণি জনায়। এই প্রতিনিধি দলটোত আছে বিদেশ সচিব হর্ষ বর্ধন শ্রিংলা, এ আই এম আই এমৰ সাংসদ আছাদুদ্দি...

May 24, 2025 4:09 PM

views 37

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰু চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই উপস্থিত আছে। কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য তথা মুখ্য কাৰ্যবাহী বিষয়া এই বৈঠকত উপস্থিত আছ...

May 24, 2025 4:07 PM

views 15

কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আ...