May 29, 2025 3:34 PM

views 14

সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে বিদেশ ভ্ৰমণত সংসদীয় প্রতিনিধি দলৰ আলাপ-আলোচনা অব্যাহত

সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্রতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা নেতৃত্বাধীন সর্বদলীয় প্রতিনিধি দলটো যোৱা ২৭ মে'ৰ পৰা চৌদি আৰৱত বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে যোৱা ২২ এপ্ৰিলত ২৬ গৰাকী অসামৰিক ব্যক্তিক হত্যা কৰা পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাটোৰ বিষয়ে ...

May 29, 2025 3:25 PM

views 38

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আৰু এই পদক্ষেপে অপাৰেচন সিন্দূৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত বিশেষ ভূমিকা পালন কৰিলে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰণনীতি আৰু প্ৰতিক্ৰিয়া দুয়োটাকে পুনৰ ৰূপ দিলে। এতিয়াৰে পৰা পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল সন্ত্ৰাসবাদ আৰু পাক্‌ অধিকৃত কাশ্মীৰক লৈহে আলোচ...

May 27, 2025 4:41 PM

views 17

এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানৰ দেশৰ হৈ প্ৰথমটো পদক

দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানে দেশৰ হৈ প্ৰথমটো পদক জয় কৰিছে। ছার্ভিনে আজি পুৰুষৰ ২০ কিলোমিটাৰ ৰেচ ৱাক এঘণ্টা ২১ মিনিট আৰু ১৩.৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত চীনৰ ঝাওঝাওৱে সোণ আৰু জাপানৰ কেণ্টো য়ুচি কাৱাই ৰূপৰ পদক লাভ কৰে। আন এগৰাকী ভাৰতীয় এথলিট অমিত পঞ্চম স্থানত থাকে।

May 27, 2025 4:37 PM

views 33

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু হোৱাৰ উপৰি এজন লোক গুৰুতৰভাৱে আহত হয়। যোৱানিশা জিঅ'ৰাই-বীড ঘাইপথত এখন গাড়ীয়ে ডিভাইডাৰত খুন্দা মাৰে যদিও তেতিয়ালৈ গাড়ীখনৰ যাত্ৰীকেইজন সুৰক্ষিত অৱস্থাতে আছিল। পাছত আটাইকেইগৰাকী যাত্ৰীয়ে ডিভাইডাৰৰ পৰা গাড়ীখন আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে এখন তীব্ৰবেগী ট্রাকে মহতিয়াই নিয়াত ৬জন লোক থিতাতে নিহত হয়। বীডৰ আৰক্ষী অধীক্ষক নৱনীত কনৱাটে এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি প্ৰকাশ কৰিছে।

May 27, 2025 4:35 PM

views 27

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

আজি প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাৰ জৰিয়তে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।

May 27, 2025 4:31 PM

views 44

সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দাবী কৰিছে যে পাকিস্তানৰ বিভিন্ন নগৰ-মহানগৰত আশ্ৰয় গ্ৰহণ কৰি সন্ত্ৰাসবাদী সংগঠনসমূহে কাম-কাজ চলাই আছে। তেওঁ কয়, যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছে আৰু দেশখনৰ সেনাবাহিনী তথা চৰকাৰে সমৰ্থন কৰাৰ উপৰি পুঁজি যোগানেৰে সন্ত্ৰাসবাদক ব্যৱহাৰ কৰি আহিছে। জাৰ্মানীৰ এখন কাকতক দিয়া সাক্ষাৎকাৰত ড° জয়শংকৰে কয়, যে আক্রমণ চলালে সন্ত্ৰাসবাদীয়ে চূড়ান্ত মূল্য ভৰিব লাগিব বুলি ভাৰতে ইতিমধ্যে স্পষ্ট বার্তা দিছে। পেহেলগামৰ ঘটনাৰ পাছত ভাৰতৰ প্ৰত্যু...

May 27, 2025 4:29 PM

views 34

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তা অৱগত কৰিছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত কৰিছে। সংবাদ মাধ্যমক শ্ৰী থাৰুৰে কয়, যে গায়ানাই সন্ত্রাসবাদী আক্ৰমণৰ পৰা ভাৰতে নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ...

May 27, 2025 4:25 PM

views 20

সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বত ভাৰতৰ সৰ্বদলীয় সংসদীয় দলৰ কাটাৰৰ চৰকাৰী ভ্ৰমণৰ সামৰণি

সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বত ভাৰতৰ এটা সৰ্বদলীয় সংসদীয় দলে কাটাৰৰ চৰকাৰী ভ্ৰমণৰ সামৰণি মাৰিছে। পেহেলগামত ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে দিয়া প্ৰত্যুত্তৰৰ পাছত কেইবাটাও সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে। সাংসদ সুলেৰ নেতৃত্বত দলটোৱে ৪ খন দেশ ভ্ৰমণ কৰিব আৰু প্ৰথম পৰ্যায়ত কাটাৰ ভ্ৰমণ সম্পূৰ্ণ কৰিছে। এই দুদিনীয়া ভ্ৰমণ কালত প্ৰতিনিধি দলটোৱে কাটাৰৰ বিদেশ ৰাজ্যমন্ত্রী ড° মহম্মদ বিন আব্দুলাজিজ বিন চালেহ অল খুলাইফি, অভ্যন্তৰীণ পৰিক্ৰমা ৰাজ্যমন...

May 27, 2025 4:07 PM

views 18

শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলেঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলে । গুজৰাটৰ গান্ধী নগৰৰ মহাত্মা মন্দিৰত আজি এখন জনসভাত শ্ৰী মোদীয়ে এই কথা উল্লেখ কৰি কয়, যে যোৱা ৬ মে'ৰ ঘটনাৰ পাছত ভাৰতক সন্ত্রাসবাদী কাৰ্যকলাপৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। সীমান্তৰ ইপাৰৰ পৰাই তেওঁলোকে নিজেই ইয়াৰ প্ৰমাণ দিলে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে পাকিস্তানত মৃত সন্ত্রাসবাদী কেইজনৰ কফিনত ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই ছেলুট দি ৰাষ্ট্ৰীয় সন্মান সহকাৰে শেষ...

May 27, 2025 2:18 PM

views 22

ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী- এই তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয় ৷ এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁট...