April 22, 2025 2:58 PM April 22, 2025 2:58 PM

views 16

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত আজি সংসদৰ যুটীয়া সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ ১২ গৰাকী সদস্য আৰু লোকসভাৰ ২৭ গৰাকী সদস্যৰে ৩৯ জনীয়া এই সমিতিখন গঠন কৰা হৈছে। এই বৈঠকৰ প্ৰথম সত্ৰত আইন আয়োগৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° বি এছ চৌহান তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তাৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব। যুটীয়া আয়োগৰ অধ্যক্ষ পি পি চৌধুৰীয়ে নতুন দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ জৰিয়তে দেশৰ অৰ্থনীতি উপ...

April 22, 2025 2:53 PM April 22, 2025 2:53 PM

views 17

২ দিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হৈছে। যুৱৰাজ আৰু প্ৰধানমন্ত্রী মহম্মদ বিন ছলমানৰ আমন্ত্রণমৰ্মে শ্ৰী মোদীয়ে এইবেলি তৃতীয় বাৰৰ বাবে চৌদি আৰৱ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰী মোদীৰ জেদ্দাহ ভ্রমণকালত কেইবাখনো নতুন চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি এই ভ্রমণে আঞ্চলিক স্থিৰতা, শক্তি, নিৰ...

April 22, 2025 12:36 PM April 22, 2025 12:36 PM

views 4

বতৰৰ বতৰা-

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৬ এপ্ৰিলল...

April 22, 2025 12:27 PM April 22, 2025 12:27 PM

views 14

পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত ৩ দিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে সদ্য প্ৰয়াত পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি আৰু কাইলৈ দুদিন তথা তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। এই সময়ছোৱাত দেশত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব আৰু কোনোধৰণৰ চৰকাৰী বিনোদনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা নহ'ব।

April 21, 2025 3:59 PM April 21, 2025 3:59 PM

views 15

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা ব্রাতাত শ্রী আয়ই ব্ৰিটিছ কলম্বিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানপন্থীয়ে চলোৱা এটা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰি কানাডাত খালিস্তানী সন্ত্ৰাসবাদৰ প্ৰভাৱ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে। এই সন্ত্ৰাসবাদী শক্তিবোৰ ক্ৰমান্বয়ে অধিক সংগঠিত হৈ হিন্দুৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলো...

April 21, 2025 3:51 PM April 21, 2025 3:51 PM

views 9

ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ’ব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আশা প্ৰকাশ কৰিছে যে ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ'ব। সামাজিক মাধ্যমৰ মঞ্চ টুথ ছ'চিয়েলত ট্রাম্পে কয় যে ৰাছিয়া আৰু ইউক্রেইন এই চুক্তিত উপনীত হ'লেই দেশ দুখনৰ আমেৰিকাৰ সৈতে ব্যৱসায়িক সম্বন্ধ স্থাপন হ'ব।

April 21, 2025 3:47 PM April 21, 2025 3:47 PM

views 4

ৱক্‌ফ সংশোধনী আইনৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক প্রতিবেদন দাখিলৰ বাবে নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱক্‌ফ সংশোধনী আইনৰ বিৰোধিতাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন ৫ সদস্যবিশিষ্ট ন্যায়িক তদন্ত আয়োগ গঠনৰ বাবে দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদনৰ আজি সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। শীর্ষ আদালতৰ ৱেবছাইটৰ তথ্য অনুসৰি ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কে সিঙৰ খণ্ডপীঠে আবেদনখনৰ শুনানি গ্রহণ কৰিব। এই আবেদনখনত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক এখন প্রতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয...

April 21, 2025 3:43 PM April 21, 2025 3:43 PM

views 22

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহিৰত ভাৰতীয় গণতন্ত্ৰৰ কুৎসা ৰটনা কৰা বুলি অভিযোগ কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্রমণাত্মক স্থিতি গ্রহণ কৰি শ্ৰীপাত্রই কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহে জয়লাভ কৰা ঝাৰখণ্ড বিধানসভা নির্বাচনতো ফলাফলৰ...

April 21, 2025 3:40 PM April 21, 2025 3:40 PM

views 25

ঝাৰখণ্ডত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত

ঝাৰখণ্ডৰ বোকাৰোৰ লুগু পাহাৰৰ পাদদেশত আজি নিচেই পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত হয়। এই অভিযানত নিহত মাওবাদী নেতা বিবেকৰ শিৰৰ দাম ১ কোটি টকা ধাৰ্য কৰা হৈছিল। আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাই প্ৰকাশ কৰা অনুসৰি অভিযানকাৰী দলে ৮জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজৰ ৰাইফল, এটা এছেলাৰ, তিনিটা ইনছাছ ৰাইফল, এটা পিষ্টল আৰু আঠটা দেশত নিৰ্মিত ভাৰ্মাৰ ৰাইফলৰ লগতে বুজন পৰিমাণৰ গুলীবাৰুদ উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি ব...

April 21, 2025 3:19 PM April 21, 2025 3:19 PM

views 15

ইছৰ’ৰ মহাকাশ ডকিং পৰীক্ষা স্পেডেক্স অভিযানৰ দ্বিতীয়টো উপগ্রহ ডকিং পৰীক্ষা আজি সফলভাৱে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ মহাকাশ ডকিং পৰীক্ষা স্পেডেক্স অভিযানৰ দ্বিতীয়টো উপগ্রহ ডকিং পৰীক্ষা আজি সফলভাৱে সম্পন্ন হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে অহা দুসপ্তাহৰ ভিতৰত অধিক পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানৰ সবিশেষ দি তেওঁ কৈছিল যে স্পেডেক্সৰ অধীনত যোৱা বছৰৰ ৩০ ডিচেম্বৰত PSLV- C-60 অভিযান সফলভাৱে সমাপ্ত হৈছিল। তাৰ পাছত উপগ্রহ দুটা চলিত বছৰৰ ১৬ জানুৱাৰীৰ পুৱা ৬ বাজি ২০ মিনিটত সফলভাৱে লগ লগোৱা হৈছিল আৰু ১৩ মাৰ্চত পুৱা ...