April 23, 2025 6:55 PM April 23, 2025 6:55 PM

views 7

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শ‍ইকীয়াই পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক কাপুৰুষালী আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

April 23, 2025 6:40 PM April 23, 2025 6:40 PM

views 6

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া বড়ো ৰীতি-নীতিৰে সম্পন্ন

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূর্ণ বড়ো ৰীতি-নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ তৰফৰ পৰা শিল্পীগৰাকীয়ে শ্বাস-প্রশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি জানিব পৰা হৈছে। আজি পুৱাৰ ভাগত শিল্পীগৰাকীৰ নশ্বৰদেহ বাক্সাৰ লাওখাটা বাঘাজানীৰ বাসগৃহলৈ লৈ যোৱা হৈছিল। মৃত্যুৰ সময়ত ফেইলাও বসুমতাৰীৰ বয়স ৫৫ বছৰ আছিল। শিল্...

April 23, 2025 6:23 PM April 23, 2025 6:23 PM

views 14

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন

বৰপেটা জিলাত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে ছপাশালে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। জিলাখনত ইতিমধ্যে বেলট বাকচ বিতৰণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে।

April 23, 2025 6:15 PM April 23, 2025 6:15 PM

views 12

উচ্চ শিক্ষা বিভাগৰ অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ

মন্ত্রীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে কালি সমৰ্থ প'ৰ্টেলৰ মাধ্যমেৰে মানবিশিষ্ট কাৰ্য পৰিচালনা বিধি প্ৰকাশ কৰা হৈছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সহায়ক আৰু সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে।

April 23, 2025 6:13 PM April 23, 2025 6:13 PM

views 6

আজিৰে পৰা অনুষ্ঠিত বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন

বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিবেশনৰ প্ৰথম দিনা আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ২০২৫-২৬ বৰ্ষৰ বাবে পৰিষদৰ ৮৪৩ কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্রেন্ট বি টি আৰ অভিযানৰ পৰিকল্পনা বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে বাজেটত বহনক্ষম উন্নয়ন, সুশাসন আৰু সামাজিক সম্প্ৰীতিৰ মাধ্যমেৰে বড়োলেণ্ড আৰ্হিক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক পৰিক...

April 23, 2025 9:05 PM April 23, 2025 9:05 PM

views 4

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্রমণ বাতিল

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অসম ভ্রমণ বাতিল কৰা হৈছে। ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ২৫ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচীও পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অনিবার্য কাৰণবশত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে একেটা দিনতে ৰাষ্ট্ৰপত...

April 22, 2025 3:43 PM April 22, 2025 3:43 PM

views 20

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ...

April 22, 2025 3:20 PM April 22, 2025 3:20 PM

views 6

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালৰ ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালে আজি ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ভজনলাল শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে শ্ৰী ভান্সক অম্বৰ দুৰ্গত সাক্ষাৎ কৰি অভিবাদন জনায়। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা জয়পুৰত উপস্থিত হোৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ ভাৰতীয় মূলৰ পত্নী ঊষা ভান্স আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে দেশখনৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দল ভাৰতলৈ আহিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি বিয়লিৰ ভাগত ভাৰত আৰু আমেৰিকা যুক...

April 22, 2025 3:14 PM April 22, 2025 3:14 PM

views 5

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগমক এই যাত্ৰা আয়োজনৰ সকলো দায়িত্ব অর্পণ কৰা হৈছে। তীর্থযাত্ৰীসকলে দিল্লীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি পিথুৰাগৰ জিলাৰ লিপুলেখ পাছেৰে গৈ চীনত প্ৰৱেশ কৰিব। এইবাৰ ২৫০ গৰাকী তীর্থযাত্ৰীয়ে আধ্যাত্মিকভাৱে গুৰু...

April 22, 2025 3:05 PM April 22, 2025 3:05 PM

views 14

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বহনক্ষম বিকাশৰ বাবে মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে পৃথিৱীখনক জীয...