April 23, 2025 8:50 PM April 23, 2025 8:50 PM

views 2

পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবঃ ৰাজনাথ সিঙ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ৰম্যভূমি বেইচ্‌ণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা - এন আই এয়ে ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী - আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে, এই সন্ত্...

April 23, 2025 8:43 PM April 23, 2025 8:43 PM

views 7

প্রধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে জনাইছে যে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুখৰ সময়ত তেঁও ভাৰতৰ লোকসকলৰ সৈতে সহমর্মিতা প্রকাশ কৰিছে। প্রধানমন্ত্ৰী আলবানিজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনৰ প্ৰতি পূৰ্ণ সমর্থন...

April 23, 2025 8:37 PM April 23, 2025 8:37 PM

views 15

পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক দোহাৰিছে। তেওঁ কয়, যে পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ'ব। নতুন দিল্লীত ভাৰতীয় বায়ু সেনাই আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালিৰ আক্ৰমণৰ প্ৰতিআক্ৰমণ কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক গৰিহণা দি শ্রীসিঙে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।

April 23, 2025 8:34 PM April 23, 2025 8:34 PM

views 16

সন্ত্রাসবাদী আক্ৰমণত অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত জীৱন হেৰুওৱা লোকসকলৰ বাবে প্ৰতিজন ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। এই ঘটনাত নিহত লোকসকলৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত ৰখা নিহত লোকসকলৰ পাৰ্থিৱ দেহত মন্ত্ৰী শ্ৰীশ্বাহে মাল্যাৰ্পন কৰে। তেওঁ কয়, যে দেশৰ পৰা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী শেষ হৈ নোযোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইয়াৰ পাছত শ্ৰীশ্বাহে সন্ত্রাসবাদী আক্রমণ সংঘটিত হোৱা পেহেলগামৰ বেইচৰণ এলেকা...

April 23, 2025 8:26 PM April 23, 2025 8:26 PM

views 25

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে। দেশৰ নাগৰিকসকলে নিৰ্বাচনৰ ঘনত্ব বিবেচনা কৰা উচিত, কাৰণ নিৰ্বাচনত তেওঁলোকৰ মূল্যৱান সময় আৰু প্ৰচুৰ অৰ্থৰ ব্যয় হয় বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। শ্রী চৌহানে যুক্তি আগবঢ়াইছে যে পৃথকে পৃথকে ...

April 23, 2025 7:54 PM April 23, 2025 7:54 PM

views 11

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ মূল্য ১০ লাখৰো অধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।

April 23, 2025 7:51 PM April 23, 2025 7:51 PM

views 15

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই...

April 23, 2025 7:44 PM April 23, 2025 7:44 PM

views 3

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই পত্নী-পুত্ৰৰ সৈতে বেইচৰণ উপত্যকাত ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ-গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্রাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবেই পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি দেৱাশীষ ভট্টাচাৰ্যই আমাৰ শিলচ...

April 23, 2025 7:18 PM April 23, 2025 7:18 PM

views 15

JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ

অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান কৰি আহিছে। চলিত বৰ্ষত ডিব্ৰুগড় কেন্দ্ৰটোৰ পৰা JEE-ত অৱতীৰ্ণ হোৱা ৩০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮ গৰাকীয়ে উত্তীৰ্ণ হৈ কেন্দ্ৰটোৱে সুনাম কঢ়িয়াই আনিছে। এইবাৰ সফলতা লাভ কৰ...

April 23, 2025 6:58 PM April 23, 2025 6:58 PM

views 16

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে।...