April 25, 2025 8:36 PM April 25, 2025 8:36 PM

views 6

মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজী লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু ল'বলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই ...

April 25, 2025 8:22 PM April 25, 2025 8:22 PM

views 12

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা নগাঁৱৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী যড়যন্ত্ৰ থকা বুলি বিধায়কগৰাকীয়ে কৰা বিতর্কিত মন্তব্যৰ বাবে দেশদ্রোহিতাৰ গোচৰত কালি নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি তেওঁক নগাঁও আদালতত হাজিৰ কৰোৱা হয়। আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীযে দাখিল কৰা অভিযোগনামা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীৰ...

April 25, 2025 7:47 PM April 25, 2025 7:47 PM

views 8

আজি বিশ্ব মেলেৰীয়া দিৱস

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজী লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু লবলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই ...

April 25, 2025 7:24 PM April 25, 2025 7:24 PM

views 9

মৰাণত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত

ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত পুৱা সংঘটিত অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত হয়। অগ্নিকাণ্ডত এখন হোটেল সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নি নির্বাপক বাহিনীৰ ৮ খন বাহনৰ কেইবাঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।

April 25, 2025 7:21 PM April 25, 2025 7:21 PM

views 12

পশ্চিম কাৰ্বি আংলঙত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি ডংকামোকাম, খেৰনি আৰু হামৰেনৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া কেইগৰাকীৰ সৈতে জিলাখনত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা সন্দৰ্ভত বিষয়া কেইগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক নিয়মীয়াকৈ বিদ্যুৎ সেৱা ব্যাহত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

April 25, 2025 6:54 PM April 25, 2025 6:54 PM

views 18

‘প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি’ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া...

April 25, 2025 6:52 PM April 25, 2025 6:52 PM

views 11

অসমৰ ৩ গৰাকী নতুন উদ্যমীক লৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 25, 2025 6:46 PM April 25, 2025 6:46 PM

views 10

বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্রান্তীয় বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক নোহোৱা বিদ্যালয়সমূহৰ ফলাফল ভৱিষ্যতে কেনেদৰে উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। তদুপৰি পৰিদৰ্শকগৰাকীয়ে শিক্ষা সেঁতুত শিক্ষক শিক্ষাৰ্থীৰ এশ শতাংশ...

April 25, 2025 6:42 PM April 25, 2025 6:42 PM

views 11

ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত আই আই টিৰ অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড তথা বিভিন্ন ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্ৰত সেতু নিৰ্মাণৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ক্ষেত...

April 25, 2025 6:25 PM April 25, 2025 6:25 PM

views 19

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়। শ্ৰী সোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ...