April 26, 2025 7:07 PM April 26, 2025 7:07 PM

views 18

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফৰ স্বীকাৰোক্তি, পাকিস্তানে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফে স্বীকাৰ কৰিছে যে দেশখনে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে। ব্ৰিটেইনৰ এটা বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত মন্ত্ৰী আছিফে দাবী কৰে যে পশ্চিমৰ কেইখনমান দেশৰ প্ৰৰোচনাত পাকিস্তানে অশোভনীয় কামত প্ৰবৃত্ত হৈ আহিছে। ইছলামাবাদে সন্ত্রাসবাদীক পুঁজি যোগান আৰু সমৰ্থন দি অহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই স্বীকাৰোক্তি কৰে। এই কাৰ্যক ঐতিহাসিক ভুল বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে এই ভুলৰ বাবে পাকিস্তানে চৰম মূল্য ভৰিবলগীয়া হৈ...

April 26, 2025 7:00 PM April 26, 2025 7:00 PM

views 9

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা

জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণ ৰেখাত শান্তি ভংগ কৰাৰ উদ্দেশ্যৰেই পাকিস্তানে অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে। সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে সুক্ষ্ম দৃষ্টি ৰাখি আছে। পেহেলগাম সন্ত্রাসবাদী আক...

April 26, 2025 6:57 PM April 26, 2025 6:57 PM

views 16

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিকান চিটিত শ্রদ্ধাঞ্জলি জনাব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে।

April 26, 2025 6:53 PM April 26, 2025 6:53 PM

views 2

ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, ডি আৰ ডি অ'য়ে এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত কালি ইয়াৰ গ্ৰাউণ্ড পৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে জানুৱাৰীত ১২০ চেকেণ্ডৰ বাবে পৰীক্ষণ কৰা হৈছিল। SCRAMJET ইঞ্জিনৰ সফল পৰীক্ষণৰ লগে লগে সম্পূৰ্ণৰূপে উৰণ যোগ্য কম্বাষ্টৰ পৰীক্ষণৰ বাবে শীঘ্ৰে এই ব্যৱস্থা...

April 26, 2025 6:43 PM April 26, 2025 6:43 PM

views 20

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে।চেন্নাইৰ এম এ চিডম্বম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাছ হায়দাবাদে ৫ উেিকটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাছ হায়দাবাদে ৮ উইকেট হাতত থকা অৱস্থাতে ১৫৫ ৰানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম...

April 26, 2025 6:41 PM April 26, 2025 6:41 PM

views 17

বিশ্ব টেবুল টেনিছ কনটেনডাৰত মহিলাৰ ছিংগ’লছৰ প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াৰ চূড়ান্ত ৮ত প্ৰৱেশ

টিউনিছিয়াৰ টিউনিছত চলি থকা বিশ্ব টেবুল টেনিছ কনটেনডাৰ প্ৰতিযোগিতাত আজি ভাৰতৰ দিয়া চিটালেই ৩ খন কোৱাৰ্টাৰ ফাইনেল খেলিব। মহিলাৰ ছিংগ'লছত কালি প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াই চূড়ান্ত ৮ত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ ছেবিন উইণ্টাৰৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি বিয়লি দিয়া চিটালে আৰু যশস্বিনী ঘোৰপাড়ে যুটিয়ে চীনৰ হু য়ি আৰু ডিং য়িজিয়ে যুটিৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলতো মনুষ শ্বাহৰ সৈতে যুটি বান্ধি দিয়াই টিউনিছিয়...

April 25, 2025 9:19 PM April 25, 2025 9:19 PM

views 9

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা দাখিল

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত আজি কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰিছে। গোচৰটো সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ খণ্ড আদালতে দিয়া নিৰ্দেশ অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ হৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্রালয়ে এইউ শপতনামা দাখিল কৰিছে। ১৯৯৫ চনৰ ৱাকফ আইনৰ অপ-প্ৰয়োগৰ জৰিয়তে চৰকাৰী ভূমিৰ বেদখল বন্ধ কৰাৰ প্ৰৱণতা ৰোধ আৰু দেশৰ ৱাকফ বৰ্ড সমূহে সুচাৰুৰূপে আৰু স্বচ্ছভাৱে কাম কৰাটো সুনিশ্চিত কৰাৰ বাবে এই সংশোধন...

April 25, 2025 9:17 PM April 25, 2025 9:17 PM

views 13

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ 

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ইয়াত থকা পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰে। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত আমাৰ দেশৰ পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ...

April 25, 2025 9:13 PM April 25, 2025 9:13 PM

views 13

শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ পর্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নর্ডান কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰ, সেনাবাহিনীৰ উপ-প্রধান লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু পঞ্চদশ ক'ৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্রীবাস্তৱো উপস্থিত থাকে।ইয়াৰ পূৰ্বে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শ্রীদ্বিৱেদী আজি পুৱা শ্ৰীনগৰত উপস্থিত ...

April 25, 2025 9:06 PM April 25, 2025 9:06 PM

views 31

ভুৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অভিযান

বৰপেটা জিলা স্বাস্থ্য বিভাগে আজি ভূৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা চহৰৰ সমীপৰ সনকুছি কলনি, হাউলী আৰু গৰৈমাৰীৰ ৩ খন দোকানত অভিযানকাৰী দল উপস্থিত হয়। অৱশ্যে দোকান কেইখন বন্ধ অৱস্থাত দলটোৱে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই বহুসংখ্যক ভুৱা চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছিল। ২৭ গৰাকী ভুৱা চিকিৎসকৰ তালিকা প্রস্তুত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক বৰপেটা ...