April 26, 2025 8:34 PM April 26, 2025 8:34 PM

views 11

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত আজি ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ সামাজিক সেৱা কাৰ্যসূচীৰ অধীনত বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। লেপ্ৰছকপিক আৰু সাধাৰণ শল্য চিকিৎসা শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই শিবিৰটো মুকলি কৰে।

April 26, 2025 8:31 PM April 26, 2025 8:31 PM

views 15

ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চাকালয়ে নিৰ্দেশনাযোগে ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কামৰূপ জিলাৰ সৰ্বাধিক ১৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

April 26, 2025 8:21 PM April 26, 2025 8:21 PM

views 9

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হোৱাৰ বাবে জনজীৱন ব্যাহত হয়। ধুমুহাৰ ফলত কালি ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ সন্মুখত এজোপা প্রকাণ্ড গছ বাগৰি পৰে যদিও সম্ভাব্য বিপদৰ পৰা ৰেলযাত্ৰীসকল ৰক্ষা পৰে ৷ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে। জিলাখনৰ ৰৌতাত আমিনপাৰা, সিধাখোৱাকে ধৰি কেইবাটাও স্থানত ধুমুহাই বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান আদি ক্ষতি কৰ...

April 26, 2025 8:16 PM April 26, 2025 8:16 PM

views 8

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে ন্যায়িক আদালত ভবন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া উপস্থিত থাকে। অনুষ্ঠানত জিলা ন্যায় পালিকা আৰু ধুবুৰী উকীল সন্থাৰ তৰফৰ পৰা কেইবাজনকো সম্বর্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত জিলা ন্যায় পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰী, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা ব...

April 26, 2025 8:14 PM April 26, 2025 8:14 PM

views 11

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্...

April 26, 2025 8:10 PM April 26, 2025 8:10 PM

views 35

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ

মানকাচৰত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াকো প্রশিক্ষণ প্রদান কৰা হয়। উল্লেখযো...

April 26, 2025 7:59 PM April 26, 2025 7:59 PM

views 9

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰায় ২০০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে। তেওঁ সকলো নৱ নিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱ...

April 26, 2025 7:47 PM April 26, 2025 7:47 PM

views 3

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত ‘ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত আজি ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বৈচিত্র্যময় সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ সঞ্চালক ড০ দিলিপ কুমাৰ বৈদ্যই এই অনুষ্ঠানক সামাজিক আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে। পাঠ্যপুথিৰ গণ্ডিৰ বাহিৰলৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে যাতে দেশৰ পৰম্পৰা, সংস্কৃতি আৰু...

April 26, 2025 7:19 PM April 26, 2025 7:19 PM

views 12

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগত...

April 26, 2025 7:15 PM April 26, 2025 7:15 PM

views 18

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীয়ে গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম, ডিজিটেল মঞ্চ আৰু জনসাধাৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে প্ৰতিৰক্ষা অভিযান নাইবা প্ৰতিৰক্ষা বাহিনীৰ গতিবিধিৰ সন্দৰ্ভত তথ্য নিৰ্ভৰ বাতৰিৰ প্রতিব...