May 2, 2025 4:05 PM May 2, 2025 4:05 PM

views 13

চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ’ব

● বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰোশ্ব ছেভচ্চোৱিচ্চে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ'ব বুলি দোহাৰিছে। বেলজিয়ামৰ ব্ৰুছেলছত কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখনত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ হকে উভয় পক্ষই মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে কালিৰ এই আলোচনাক অতিশয় ফলপ্রসূ বুলি অভিহিত কৰ...

May 2, 2025 3:59 PM May 2, 2025 3:59 PM

views 14

কৃষক সংস্থাসমূহৰ সৈতে ৪ মে’ত হ’বলগীয়া প্ৰস্তাৱিত বৈঠক স্থগিত ৰখাৰ ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে কৃষক সংস্থাসমূহৰ সৈতে অহা ৪ মে'ত হ'বলগীয়া প্ৰস্তাৱিত বৈঠকখন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ অংশগ্রহণ অবিহনে এই বৈঠকখন ফলপ্রসূ নহ'ব বুলি মত পোষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পূর্ণ চন্দ্ৰ কিষাণে কৃষক সংস্থাসমূহলৈ লিখা এখন চিঠিত কয়, যে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দাবী কৰাৰ দৰে প্ৰস্তাৱিত বৈঠকত পাঞ্জাব চৰকাৰক অন্তৰ্ভুক্ত নকৰাটো সমীচিন নহ'ব। এনে প্ৰেক্ষাপটত চৰকাৰে কৃষ...

May 2, 2025 3:54 PM May 2, 2025 3:54 PM

views 45

ৱেভছ সন্মিলন ২০২৫ত সংবাদ সেৱা বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত

■ ৱেভছ সন্মিলন ২০২৫ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱাৰ্ল্ড কনভেচন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয়, যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয়, যে ...

May 2, 2025 12:08 PM May 2, 2025 12:08 PM

views 13

দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন

● দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন হয়। খাদটোৰ এটা ভাল্ভ ফাটি যোৱাৰ বাবে কেইবা মিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত অগ্নিনির্বাপক বাহিনীকে ধৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় আৰু গেছ নিগমন বন্ধ কৰাৰ বাবে ততালিকে প্রয়োজনীয...

May 2, 2025 12:02 PM May 2, 2025 12:02 PM

views 29

মুম্বাইত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনত

■ মুম্বাইত আয়োজিত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছত কালি উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমী বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। আলোচনাত অঞ্চলটোত চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত নিমাৰ্তাসকলে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ অভাৱ, ভাষা আৰু বজাৰৰ সীমাবদ্ধতাৰ লগতে প্রাতিষ্ঠানিক সমর্থনৰ অভাৱৰ দৰে বিষয়সমূহ আ...

May 2, 2025 11:47 AM May 2, 2025 11:47 AM

views 10

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা...

April 26, 2025 9:28 PM April 26, 2025 9:28 PM

views 11

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ'ব। তেওঁ কয়, যে উত্তৰাখণ্ড-হিমাচলপ্রদেশ আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিম আৰ...

April 26, 2025 9:25 PM April 26, 2025 9:25 PM

views 2

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা দলে ছিকিমৰ মাজেৰে নাথুলাপাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্রী নির্বাচন কৰা হ'ব। এই নির্বাচন...

April 26, 2025 9:18 PM April 26, 2025 9:18 PM

views 8

বিমান সংস্থাসমূহক কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ

চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত কিছু স্থানত আন্তঃৰাষ্ট্ৰীয় বিমান পথ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপিত হোৱাৰ বাবে কেইবাখনো বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে। ইয়াৰ ফলত বিমান যাত্ৰা দীঘলীয়া হৈ পৰাৰ লগতে কাৰিকৰি কাৰণত যাত্ৰাপথত ৰ'বলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। মন্ত্ৰ্যালয়ে বিমান সংস্থাসমূহক যাত্ৰা পথৰ সাল-সলনি, দীঘলীয়া ...

April 26, 2025 9:11 PM April 26, 2025 9:11 PM

views 8

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ ২.৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে ২২, ২৩ এপ্ৰিল আৰু আজি ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণ...