June 12, 2025 2:51 PM

views 22

চৰকাৰে যোৱা ১১ বছৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে

■ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। বিগত দশকটোত কেন্দ্ৰীয় চৰকাৰে প্ৰযুক্তিক সৰ্বাত্মক বিকাশ আৰু জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত সৰ্বব্যাপী উল্লেখনীয় সফলতা লাভ কৰা হৈছে। চলিত বছৰৰ এপ্ৰিলতে ১,৮৬৭ কোটিৰো অধিক ইউ পি আই লেনদেন সম্পন্ন হৈছে আৰু ইয়াৰ মূল্য ২৫ লাখ কোটি টকাৰো...

June 12, 2025 2:44 PM

views 25

ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ভাষণ

ভাৰত আৰু ছুইডেনৰ অংশীদাৰিত্বই দুখন পৃথক অৰ্থনীতিৰ ৰাষ্ট্ৰই কিদৰে লক্ষ্য আৰু সহযোগিতাৰ বিনিময়েৰে পাৰস্পৰিক লাভ অৰ্জন কৰিব পাৰে, সেই কথাৰ আৰ্হি দেখুৱাই বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ছুইডেনত কালি ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ বৈঠকত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰী গোৱেলে ভাৰত আৰু ছুইডেনৰ শীৰ্ষস্থানীয় ব্যৱসায়িক নেতা আৰু ছুইডেনৰ উদ্যোগ মহাসংঘৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰে। সামাজিক মাধ্যমৰ এ...

June 12, 2025 2:38 PM

views 18

দেশৰ প্রযুক্তিৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্রযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰশংসা কৰিছে। ডিজিটেল ইণ্ডিয়াই যুৱ প্ৰজন্মক উদ্ভাৱনীমূলক কাম-কাজ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উপৰি বিগত ১১ বছৰত ভাৰতক গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰ ঘটাইছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম এক্সত মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাত সঁহাৰি দি মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰযুক্তিৰ সুচল ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণ বিভিন্ন দিশত উপকৃত হৈছে। ডিজিটেল ইণ্ডিয়া কার্যসূ...

June 12, 2025 10:54 AM

views 27

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ শুৱালকুছিৰ একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা ঊষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। দিনৰ ভাগত নামপ্ৰসংগ, পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধর্মালোচনী সভা অনুষ্ঠিত হ'ব।বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদি সত্ৰ আদিত আজি পুৱাৰে পৰা ...

June 11, 2025 9:30 PM

views 14

সাপেখাঁটিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ অনুমোদন

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে চৰাইদেউ জিলাৰ সাপেখাঁটিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণৰ অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে আজি এই কথা সদৰি কৰি কয়, যে নতুন বিদ্যালয়খনৰ সংযোজনে জিলাখনৰ শিক্ষাৰ মান অধিক শক্তিশালী কৰাৰ লগতে শিশুসকলক উন্নত শিক্ষাৰ সুযোগ প্ৰদান কৰিব। এই সিদ্ধান্তৰ বাবে তেওঁ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে।

June 11, 2025 9:25 PM

views 26

ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন

ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন কৰা হৈছে। প্ৰতিবছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয়। এই উৎসৱত ৰাভাসকলৰ পূজনীয় দেৱ-দেৱীলৈ পূজা-অৰ্চনা আগবঢ়োৱা হয় আৰু কৃষিকৰ্ম সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়। বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলাৰ খৈৰাবাৰী বৰ্জামুগুৰি বায়খ’দামত আজিৰেপৰা চতুৰ...

June 11, 2025 8:47 PM

views 16

কেনিয়াত সংঘটিত বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোকৰ মৃত্যু

দোহাত থকা ভাৰতীয় দূতাবাসে আজি জানিবলৈ দিছে যে কেনিয়াত সংঘটিত এটা বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোক মৃত্যু হোৱাৰ ঘটনাৰ সবিশেষ বুজ লৈ আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে জানিবলৈ দিছে যে যোৱা নিশা ৫ গৰাকী লোকৰ মৰনোত্তৰ পৰীক্ষা কৰা হয়। কেনিয়াৰ নাইৰোবিত থকা ভাৰতীয় উচ্চায়ুক্তই মৃত লোককেইজনৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাছ দুৰ্ঘটনাত আহত হোৱা আন ২৩ গৰাকী ভাৰতীয় লোকক নাইৰোবিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

June 11, 2025 8:40 PM

views 30

মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিবঃ ভ্লাদিমীৰ মেদিনস্কী

ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সহযোগী ভ্লাদিমীৰ মেদিনস্কীয়ে কৈছে যে, মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিব। মেদিনস্কীয়ে ইয়াৰ পূৰ্বে অৱগত কৰিছিল যে বহিঃশক্তিৰ প্ৰৰোচনাত নপৰি যদি ইউক্রেইনে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে তেতিয়া ৰাছিয়া আৰু ইউক্রেইনৰ মাজত পাৰস্পৰিক বুজাবুজি সম্ভৱ হ'ব পাৰে। তেওঁ লগতে কয় যে, ইউক্রেইনে বহিঃশক্তিৰ প্ৰভাৱত অস্থিৰ পৰিস্থিতি অব্যাহত ৰাখে তেতিয়া ৰাছিয়াইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। ইতিমধ্যে আম...

June 11, 2025 8:31 PM

views 18

সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ প্ৰৱন্ধ প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত এটা প্ৰৱন্ধ ছেয়াৰ কৰিছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই প্ৰৱন্ধটো লিখিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিগত ১১ বছৰত দেশৰ সামগ্রিক বিকাশত উল্লেখযোগ্য পৰিৱৰ্তন আৰু দেশক সমৃদ্ধিশালী আৰু উন্নত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য দিশসমূহৰ কথা উল্লেখ কৰে।

June 11, 2025 8:08 PM

views 26

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক'চিং ডিপ' বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে। শ্রীবৈষ্ণৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীসমূহৰ মৰ্যদা আৰু আৰামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু এ...