June 19, 2025 3:31 PM

views 32

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটৰ বিশ্বভাডৰ আসনৰ বাবে দিনৰ ১১ বজালৈ ২৮ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগতে কাদী বিধানসভা সমষ্টিত ২৪ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। কেৰালাৰ নিলাম্বৰ বিধানসভা আসনৰ বাবে ইতিমধ্যে ৩০ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে পঞ্জাবৰ লুধিয়ানা বিধানসভা আসনখনৰ বাবে ২১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। দিনৰ ১১ বজালৈ পশ্চিমবংগৰ কালিগঞ্জ বিধানসভা আসনখনৰ বাবে ৩১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। অহা সোমবাৰে পাঁচোটা বিধানসভা আসনৰ ভোটগণনা কৰা হ...

June 19, 2025 3:28 PM

views 25

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনত পোষকতা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনৰ পোষকতা কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সাম্প্রতিক সংঘাতত উদ্বেগ প্রকাশ কৰি সচিব প্ৰধানগৰাকীয়ে এই সংঘাতক আৰু অধিক আন্তঃৰাষ্ট্ৰীয়কৰণ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সামৰিক বাহিনীৰ অতিৰিক্ত কার্যকলাপে সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ ফলাফলৰ সূচনা কৰিব আৰু ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তাৰ প্ৰতি বিস্তৰ ভাবুকিৰ সৃষ্টি হ'ব। তেওঁ এই সংঘাতৰ ফলত সাধাৰণ লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দিয়াৰ লগতে...

June 19, 2025 3:25 PM

views 19

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বর্ধন সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে ইৰানত থকা ৩৫০ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে অনুৰোধ লাভ কৰিছে। তুর্কমেনিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় সকলক নিৰাপদ...

June 19, 2025 3:21 PM

views 47

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ কৰিছে। দুয়ো দেশে কৃষি, সাংস্কৃতিক বিনিময়, বিজ্ঞান আৰু প্ৰযুক্তি তথা ক্ৰ'ৱেছিয়াৰ ৰাজধানী জাগ্রেবত ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ, আই চি চি আৰৰ এখন আসন প্ৰতিষ্ঠাৰ বাবে ৪খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়ো দেশে সামৰিক বিনিময়, যুটীয়া প্ৰশিক্ষণ আৰু ঔদ্যোগিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা যুগুত কৰাৰ বাবেও সিদ্ধান্ত লৈছে। প্রধান...

June 19, 2025 12:35 PM

views 16

আকাশবাণী গুৱাহাটীৰ ১ জুলাইত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্র কেইখন ১ জুলাইৰ দিনৰ ২.৩০ বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব । প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগ...

June 19, 2025 12:09 PM

views 10

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান

■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান কৰিছে। সাহসিকতা, ক্রীড়া, উদ্ভাৱন, সমাজসেৱা, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ১৮ বছৰ অনুৰ্ধ শিশুসকলক এই পুৰস্কাৰৰ বাবে মনোনয়ন কৰিব পাৰিব। অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজে সকলো বিদ্যালয়, বিভিন্ন প্রতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন, পিতৃ-মাতৃ, অভিভাৱক অথবা সাধাৰণ নাগৰিকসকলেও এনে শিশুৰ বাবে মনোনয়ন কৰিব পাৰিব। ইচ্ছুক লোকসকলে মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে অহা ৩১ জুলাইৰ ভিতৰত মনোনয়ন জ...

June 12, 2025 3:19 PM

views 31

সমগ্ৰ দেশতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব

■ সমগ্ৰ দেশতে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬.৩০ বজাৰ পৰা ৭ বাজি ৪০ মিনিটলৈ ১ লাখৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে – ‘এখন পৃথিৱী, এটা স্বাস্থ্য’। কেন্দ্রীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয়, যে যোগ দিৱসৰ মূল কাৰ্যসূচী অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। লালকিল্লা, কৰ্তব্যপথ আৰু লোধি গার্ডেনকে ধৰি দিল্লীৰ ১১১ টা স্থানত য...

June 12, 2025 3:15 PM

views 42

দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে: বিত্তমন্ত্ৰী

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমনে কয়, যে ২০১৪ চনত ৭ হাজাৰ কোটিৰো অধিক প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰা হৈছিল আৰু বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ ৬ লাখ ৪৩ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। ২০২৪-২৫ বৰ্ষত ২৬০ লাখ কোটিৰো অধিক ধন লেনদেনেৰে ভাৰতে বাস্তৱিক লেনদেনৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিছে বুলি কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

June 12, 2025 3:11 PM

views 32

ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীৰ ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন কৰে। অহা দেওবাৰে এই অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' দৃষ্টিভংগীৰ অধীনত চৰকাৰৰ মুখ্য আঁচনি কাৰ্যসূচী আৰু সফলতাসমূহ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থনৈতিক সবলীকৰণ বিশেষকৈ পৰম্পৰাগত শিল্পী-কাৰিকৰসকলৰ সবলীকৰণৰ দিশত চৰকাৰৰ অবিৰত প্ৰচেষ্টাত আলোকপাত কৰা হৈছে। শ্ৰী ৰিজিজুৱে আজি সাংবাদিকৰ আগত কয়, যে গাঁৱৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিভা আছে আৰু ...

June 12, 2025 3:03 PM

views 9

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা

■ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° মানসিঙক ২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পদ্ম ভূষণ সন্মানেৰে ...