June 19, 2025 7:38 PM

views 22

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ সংহত কার্যালয় সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়। ভাষণত তেওঁ সকলো শ্ৰেণীৰ লোককে এই ৰোগৰ পৰা বাচিবলৈ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। লগতে জিলা স্বাস্থ্য বিভাগক ছিকল চেল ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানতে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ৰোগৰ বিষয়ে এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। শ্রীভূমি জিলাৰ সূতাৰক...

June 19, 2025 7:32 PM

views 32

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত শতাধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজানু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও ৬০ টা গাহৰি নিধন কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ কমাৰপাৰাতো ১০৪ টা গাহৰি নিধন কৰা হৈছিল। নিধন কৰা গাহৰিসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মঙলদৈ জিলা পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অজয় বণিয়াই প্ৰকাশ কৰা মতে আজিও ৰোগৰ সংক্ৰমণৰ...

June 19, 2025 7:11 PM

views 34

চৰাইদেউ জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত আজি জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি কৰা হয়। এই কক্ষটোত শিশু ওমলা ঘৰ আৰু মাতৃ দুগ্ধপানৰ সুবিধাও থাকিব। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এই কক্ষৰ দ্বাৰ মুকলি কৰে। জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা মাতৃ আৰু শিশুসকলৰ সুবিধা হোৱাকৈ এই ব্যৱস্থা কৰা হৈছে। এই কক্ষই মহিলাৰ প্ৰাপ্য মর্যাদা প্ৰদান কৰিব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

June 19, 2025 6:50 PM

views 32

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ যোগৰ অনুশীলনে বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে।

June 19, 2025 6:29 PM

views 43

বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত বিজেপি ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা

ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই আজি অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিছে। তেওঁ দলটোৰ ১০গৰাকী উপ-সভাপতি, চাৰিগৰাকী সাধাৰণ সম্পাদক, ১০গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ'চিয়েল মিডিয়া তত্বাৱধায়কৰ নাম ঘোষণা কৰে। মুখ্য মুখপাত্র, মিডিয়া আহ্বায়ক আৰু কাৰ্যালয় তত্বাৱধায়কৰ নামো সংবাদ মেলত ঘোষণা কৰা হয়। অহা ১০ দিনৰ ভিতৰত দলৰ ৮ টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ'ব বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিছে।...

June 19, 2025 6:15 PM

views 23

ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ ...

June 19, 2025 5:08 PM

views 27

তামিলনাডুৰ ত্ৰিপুৰত ২৬ জন অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ

তামিলনাডুৰ ত্ৰিপুৰত আজি ২৬ জন অবৈধ বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে এই বাংলাদেশী নাগৰিককেইজনে প্রয়োজনীয় নথি পত্র অবিহনে অঞ্চলটোত বাস কৰি আহিছিল। পালাডম অঞ্চলত ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত এই কথা পোহৰলৈ আহে। অবৈধ বাংলাদেশী নাগৰিককেইজন ভুৱা আধাৰ কাৰ্ডৰ পৰিচয়েৰে শ্ৰমিক হিচাপে কাম কৰি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

June 19, 2025 5:05 PM

views 41

পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱা ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। একেদৰে দুৰ্ঘটনাত আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। শ্রীমোদীয়ে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে। উল্লেখযোগ্য যে পুনেত কালি সন্ধিয়া সংঘটিত এই পথ দুৰ্ঘটনাত ৮ জন লোক থিতাতে নিহত হোৱাৰ লগতে ৫ জন গুৰুতৰভাৱে আহত হৈছিল। এখন তীব্রবেগী ...

June 19, 2025 4:50 PM

views 11

বিগত ১১ বছৰত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম

কেন্দ্ৰীয় চৰকাৰে দেশৰ জনজাতীয় লোকসকলৰ জীৱনত যুগান্তকাৰী আৰু ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মন্ত্ৰ্যালয়ে বিগত ১১ বছৰত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছে। এনেধৰণৰ এটা উন্নয়নমূলক কার্যসূচী একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই পদক্ষেপে ছাত্র-ছাত্রীসকলক বিশেষভাৱে উপকৃত কৰিছে। এ...

June 19, 2025 3:46 PM

views 27

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ...