June 23, 2025 3:21 PM

views 26

ইৰাণ আৰু ইজৰাইলৰ আক্ৰমণ-প্ৰতি আক্রমণ অব্যাহত

ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ-প্ৰতি আক্রমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰতি আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয়, যে ইজৰাইলে এটা ডাঙৰ ভুল কৰিলে। ইতিমধ্যে ইৰানৰ কৰ্তৃপক্ষসমূহে আমেৰিকাই প্ৰাৰম্ভিক প্রকল্পসমূহত আক্ৰমণ সংঘটিত কৰাৰ সবিশেষ বুজ লৈ আছে। আমেৰিকাই যুঁজাৰু বিমানেৰে ইৰানৰ পাৰমাণৱিক শক্তি প্রকল্প ফৰ্দো, নাতাঞ্জ আৰু এছফাহানত আক্ৰ...

June 19, 2025 8:40 PM

views 13

কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ

ছিকিমত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ কাইলৈ পুৱা নাথুলা পাচত ৰাজ্যপাল ওম প্রকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন বিষয়াৰ সৈতে ৩৬ জন তীর্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে কাইলৈ যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্রা সম্পূর্ণ কৰিবলৈ ১০ৰ পৰা ১১ দিন সময় লাগিব। ছিকিমৰ নাথুলাৰ পৰা এইবাৰ মুঠতে ১০টা দলে পৃথকে পৃথকে কৈলাশ মানসৰোবৰ অভিমুখে যাত্ৰা কৰিব। পাঁচ বছৰৰ বিৰতিৰ অন্...

June 19, 2025 8:36 PM

views 13

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছেঃ জুৱেল অ’ৰাম

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতীয় সম্প্রদায়সমূহৰ মাজত চিকেল চেল ৰক্তাল্পতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে। বিকশিত ভাৰতৰ অমৃত কালঃ সেৱা, সুশাসন, গৰীৱ কল্যাণৰ ১১ বছৰ শীৰ্ষক বিশেষ শৃংখলাৰ অংশ হিচপে আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু আকাশবা...

June 19, 2025 8:32 PM

views 19

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্ত-ৰাষ্ট্ৰীয় শক্তি সংস্থা আই ই এৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীত-তাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিক আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নৱীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকর্ষণকেই শক্তি উৎপাদনৰ সামর্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত নিকা শক্তি বিশ...

June 19, 2025 8:29 PM

views 30

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধান

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত দুটা দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ'ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহা...

June 19, 2025 8:23 PM

views 29

QS World University Ranking 2026 ক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমবৰ্ধমান উন্নতিৰ প্ৰমাণ হিচাপে QS World University Ranking 2026-ক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে QS World University 2026 Ranking য়ে আমাৰ শিক্ষা খণ্ডৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে। শ্ৰীমোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ সুবিধার্থে গৱেষণা আৰু উদ্ভাৱনৰ পৰিৱেশক আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

June 19, 2025 8:17 PM

views 23

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰোকা চিকিৎসালয়ৰ সঞ্চালকপ্ৰধান শ্লোমি কোডেছে আক্রমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয়ক ন...

June 19, 2025 8:02 PM

views 28

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্ত অব্যাহত

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তিনিজনীয়া কমিটিখনে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে পৰ্য্যাপ্ত প্রমাণ আছে। পাঞ্জাৱ আৰু হাৰিয়াণা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ ছন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামনক লৈ গঠিত কমিটিখনে ন্যায়াধীশগৰাকীয়ে তেওঁক জগৰীয়া কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা হৈছে বুলি কৰা দাবী খাৰিজ কৰে। প্...

June 19, 2025 7:55 PM

views 16

ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ'ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। ক্ৰ'ৱেছিয়া ভ্ৰমণ কালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্রী আন্দ্ৰে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পর্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফাৰ্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষি...

June 19, 2025 7:46 PM

views 35

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্রতিভাবান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্...