May 22, 2025 11:28 AM May 22, 2025 11:28 AM
22
দেশৰ মুঠ ১০৩টা ৰে’ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত
● নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে'ল ষ্টেচনৰ লগতে দেশৰ মুঠ ১০৩টা ৰে'ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰিব। অনুষ্ঠানত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰ...