June 23, 2025 8:24 PM

views 35

বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছেঃ ড° জীতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিগত এঘাৰ বছৰত বৈজ্ঞানিক সাফল্য সন্দৰ্ভত এখন সংবাদমেলত ভাষণ দি ড° সিঙে কয় যে ২০১৪ চনত দেশত কেৱল ৫০ টা জৈৱ প্ৰযুক্তি ষ্টার্টআপ আছিল যিটো বৰ্তমান সময়ত ১০ হাজাৰতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ ধাৰণাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ বাবে জৈৱ বিচিত্ৰতাক অন্যতম গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰে। ড° স...

June 23, 2025 8:19 PM

views 14

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিতঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আন্তৰাষ্ট্ৰীয় সমুদায়ক আহ্বান জনাইছে। আয়াৰলেণ্ডৰ কৰ্কৰ আহাকিস্তাত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণৰ ঘটনাৰ চাৰিটা দশক পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীপুৰীয়ে কয় যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিত। শ্ৰীপুৰীয়ে কয যে, এয়া কেৱল এটা দুৰ্ঘটনা নহয় বৰং ভাৰতক পৃথক কৰাৰ বাবে ইচ্ছাকৃতভাৱে কৰা এটা অ...

June 23, 2025 7:47 PM

views 18

১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰ কেইখন ১ জুলাইৰ পুৱা চাৰে ৯ বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃ...

June 23, 2025 7:44 PM

views 27

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে'লৱেক পুনগঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰে'ল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰে'ল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ তেওঁ অচিৰেই ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিব আৰু ৰে'লযাত্ৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত ৰে'ল মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব। তেওঁ কয় যে নতুন দিল...

June 23, 2025 7:12 PM

views 17

৩০ জুনৰ ভিতৰত খাদ্য আৰু অসামৰিক বিভাগে হিতাধিকাৰীক E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান

খাদ্য আৰু অসামৰিক বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ অহা ৩০ জুনৰ ভিতৰত E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নির্দেশ মর্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ E-KYC পৰীক্ষণৰ বাবে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানসমূহত বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কালি জিলাখনৰ কেইবাখনো চাহ বাগিছা অঞ্চলৰ সুলভ মূল্যৰ দোকানত E-KYC পৰীক্ষণৰ বিশেষ শিবি...

June 23, 2025 7:05 PM

views 13

কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে পর্যালোচনা কৰা। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মা...

June 23, 2025 6:58 PM

views 12

অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা

অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত উত্তৰ-পূব দক্ষতা কেন্দ্ৰই অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে এটা বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধীনৰ এবছৰীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ধাৰ্য কৰা হৈছে। নামভৰ্তিৰ ক্ষেত্ৰত প্ৰথমে অহা সকলক প্ৰথমে নামভৰ্তিৰ সুবিধা দিয়া হ'ব। প্ৰাৰ্থীসকলে যিকোনো শাখাত দ্বাদশ শ্রেণী উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকৰ বয়স ১৮ৰ পৰা ২৫ বছৰ হ'ব লাগিব। বৃত্তিমূলক প্রশিক্ষণ কাৰ্যসূচীটোত সৌন্দৰ্য আৰু স্বা...

June 23, 2025 5:57 PM

views 19

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাসিক ঠাইডোখৰ কৃত্ৰিম বানৰ কৱলত পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

June 23, 2025 5:38 PM

views 39

ভটিয়াপাৰত অ’ এন জি চিৰ ৰীগৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণত বিশেষজ্ঞ দলৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জানিবলৈ দিছে। অ' এন জি চিৰ সংকট ব্যৱস্থাপনাৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰিত কৰিছে। ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কুপটো কেপিং কৰাৰ ...

June 23, 2025 3:27 PM

views 18

আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত দেশবাসীৰ শ্রদ্ধা

● সমগ্র দেশে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত শ্রদ্ধা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ অতুলনীয় সাহস আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে কৰা প্ৰয়াসক সদায় মনত ৰখা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক সদায়ে শ্ৰদ্ধাৰে সোঁৱৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবি...