July 14, 2025 10:59 AM

views 21

উত্তৰ গুৱাহাটীৰ ৰংমহল অগ্নিকাণ্ডত সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত

● যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাখাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। ছৰ্টছাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত অগ্নিনির্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হয়।

July 14, 2025 10:51 AM

views 19

হোজাইৰ কাকীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত নাট মঞ্চস্থ

■ হোজাইৰ এক নম্বৰ কাকী তিনি নম্বৰ গাঁৱৰ দ' ব্লকৰ নাট্যচৰাত যোৱা নিশা হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত এখন নাট মঞ্চস্থ হয়। নাট্যকাৰ চম্পক শৰ্মাৰ মন তই নাকান্দিৰি শীৰ্ষক নাটখনি প্ৰবীন শ‍ইকীয়াই পৰিচালনা কৰে। স্থানীয় শিল্পীয়ে অভিনয় কৰা নাটখন উপভোগৰ বাবে ভালেসংখ্যক দৰ্শকৰ সমাগম হয়। নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই অঞ্চলটোত এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ব...

July 14, 2025 10:46 AM

views 25

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ ৩৪ খন চাহ বাগিচাৰ বাবে মুঠ ২৩টা পেকেজ সামৰি ৩ হাজাৰ ৪৩ লাখতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে ৪২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৬৩টা পথ নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয...

July 14, 2025 10:41 AM

views 23

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বহু কেইগৰাকী দলীয় নেতাকর্মী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মুখ্য কাৰ্যবাহী বড়োৱে বি টি আৰৰ উন্নয়...

July 14, 2025 10:33 AM

views 29

বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠা আম চাপৰিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত- বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি বান সাহায্য শিবিৰসমূহৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা...

July 14, 2025 10:14 AM

views 43

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা

● সমগ্ৰ দেশতে আগষ্ট মাহৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ পাছতে নির্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। বিহাৰৰ দৰেই দেশৰ আন আন ৰাজ্যসমূহতো নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল যদিও এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব সেয়া স্পষ্ট কৰা নাছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি অহা আগষ্ট মাহৰ পৰা দেশজুৰি ভোটাৰ তালিকা...

July 11, 2025 5:49 PM

views 14

শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হ'ব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন জাননী যোগে প্ৰকাশ কৰিছে।

July 11, 2025 5:37 PM

views 41

বেলুচিস্তানত অজ্ঞাত বন্দুকধাৰীয়ে বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই ৯ গৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে

পাকিস্তানৰ বেলুচিস্তান প্রদেশত অজ্ঞাত বন্দুকধাৰীয়ে কালি সন্ধিয়া কেইবাখনো যাত্রীবাহী বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই লৈ তাৰে নগৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে। গুলীৱিদ্ধ মৃতদেহ সমূহ গোটেই নিশা পর্বতত পৰি ৰয়। বৰ্তমানলৈ কোনো সংগঠনে এই নৃশংস ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে পূৰ্বে সংঘটিত এনে ধৰণৰ বহু ঘটনাৰ সৈতে বেলুচ লিবাৰেশ্যন আর্মি জড়িত থকাৰ অভিযোগ আছে। কালি গুলীৱিদ্ধ হৈ নিহত হোৱা যাত্ৰীসকল পূৱ পঞ্জাৱ প্ৰদেশৰ বুলি এটা তথ্যৰ পৰা জানিব পৰা গৈছে। উল্লেখযোগ্য যে আফগানিস্তান আৰু ইৰাণৰ খনিজ সমৃদ...

July 11, 2025 5:32 PM

views 20

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ গৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ’ব

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীর্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্চে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে বিচ্ছিন্ন হোৱাৰ কেইঘণ্টামান পাছত যানখনে প্রশান্ত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

July 11, 2025 5:29 PM

views 51

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ আমেৰিকাৰ ২ নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই এলেকাটোত বিচৰণ কৰি থকা জাহাজসমূহক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়াকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে ভাৰতীয় উপকূল ৰক্ষী বাহিনীয়েও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ছি এঞ্জেল...