February 10, 2025 8:03 PM

views 21

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে ...

February 10, 2025 11:01 AM

views 23

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপু...

February 10, 2025 10:50 AM

views 21

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক...

February 7, 2025 9:10 PM

views 17

সৰুপেটাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন

বজালী জিলাৰ সৰুপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত আজি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শংকৰ গুৰু আমাৰে' মঞ্চস্থ কৰা হ'ব। কাইলৈ মৃণ্ময় ভূঞাৰ ‘দ্রোণাচার্য শ্রী গুৰুৱে নমঃ’, অৰ্ঘ দে’ৰ বাংলা ভাষাত ৰচিত নাট ‘যত্নে ৰেখো’ মঞ্চস্থ কৰা হ'ব। পৰহিলৈ সমাৰোহৰ অন্তিম দিনা হবিব তনবিৰৰ ‘চৰণ দাস চোৰ' আৰু সুধাংশু ফিদোছৰ হিন্দী ভাষাত ৰচিত ‘কথা নাট’ মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাসক...

February 7, 2025 9:08 PM

views 20

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট চলচিত্ৰ পৰিচালকে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফি...

February 7, 2025 8:53 PM

views 22

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

February 7, 2025 8:42 PM

views 26

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

January 31, 2025 10:56 AM

views 33

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

● নলবাৰী জিলাৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। নলবাৰী জিলা প্রেক্ষগৃহত অহা ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা অনুষ্ঠানত শিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখন সংবাদমেলযোগে জানিবলৈ দিছে।

January 31, 2025 10:51 AM

views 31

আজি মে-ডাম-মেফি

● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ'ব। দিনৰ ১ বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক ...

January 31, 2025 10:39 AM

views 41

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শ‍ইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অন...