March 4, 2025 10:04 AM

views 29

ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব: ৰমেন ডেকা

● ছত্তিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্রতিষ্ঠা কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে। ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্রীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে গুৱাহাটীৰ উজানবজাৰৰ মহিলা ভাওনা দলে ছত্তিশগড়ত গুৰুজন...

March 4, 2025 9:59 AM

views 17

গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ পোষকতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা চলিত বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বিষয়তো আলোচনা কৰা হয়। তদুপৰি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে।

March 4, 2025 9:54 AM

views 25

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে: মুখ্যমন্ত্রী

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় ২৮০ কোটি ৬৬ লাখ টকা ব্যয় কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই দলং নির্মাণ প্রকল্পৰ বাবে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছিল যদিও এতিয়া এই ব্যয়ৰ প্ৰস্তাৱিত পৰিমাণ সংশোধিত কৰি ১,২৭৯ কোটি ৮৮ লাখ টকালৈ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্ত...

March 3, 2025 8:26 PM

views 16

বৰ্তমানৰ চৰকাৰ দিনত যিদৰে স্বচ্ছ নিযুক্তি প্ৰদান কৰা হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক মানৱ ডেকাই উত্থাপন কৰা এই সম্পৰ্কীয় প্ৰস্তাৱটোত অধ্যক্ষই আলোচনাৰ বাবে গ্ৰহণ কৰে। শাসক আৰু বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই এই আলোচনাত অংশগ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰী আৰু ন্যায়াধীশ বিপ্লব শৰ্মাৰ প্রতিবেদন সম্পর্কত বিভিন্ন প্রসংগ উত্থাপন কৰে। বিধায়ক অখিল গগৈয়ে বিপ্লব শর্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰাত ৰাজ্য চৰকাৰৰ আগ্ৰহ নাই বুলি চৰক...

March 2, 2025 6:54 PM

views 26

১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ১৩ৰ পৰা ২০ মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত থাকিব। ২১, ২৪ আৰু ২৫ মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব আৰু ২৫ মাৰ্চত অ...

February 27, 2025 4:32 PM

views 25

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অসমৰ ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ কৰা হৈছে। গোলাঘাট জিলাত কালি প্রশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। কালি ইয়াৰে ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হয়। কালি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্রশিল্প, সাঁচি গছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠা...

February 27, 2025 3:31 PM

views 15

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছে। তেওঁ উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে ২০৪৫ চনৰ ভিতৰত শূন্য কার্বন নিস্কাষণৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ...

February 24, 2025 8:28 PM

views 26

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত আজি কোকৰাঝাৰত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বি টি চিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য ডাউবৈচা বড়োৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সংশ্লিষ্ট ক্ষেত্ৰত জ্ঞান আৰু দক্ষতা বৃদ্ধি উপৰি তেওঁলোকক কাম-কাজ ক্ষিপ্ৰতাৰে কৰাৰ কৌশল আয়ত্ব কৰোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

February 24, 2025 8:25 PM

views 10

ধুবুৰীৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীৰ অভিযানত ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক

অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অংশ হিচাপে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে অভিযান চলাই ২৭টা নিচাযুক্ত দ্ৰব্য ভৰ্তি কণ্টেইনাসহ এজন লোকক আটক কৰে। ধৃত লোকজন ইনজামুল হক ওৰফে বাপ্পী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা এখন চাৰিচকীয়া বাহন, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

February 24, 2025 8:21 PM

views 24

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে যদিও এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি পর্যালোচনা কৰি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে অসমত বৃহৎ সংখ্যক দেশী-বিদেশী উল্লেখযোগ্য যে কালি মন্ত্ৰী সভাৰ বৈঠকে এই সন্মিলনত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছিল। এই সন্মিলনৰ সময়চ...