December 29, 2025 11:49 AM

views 27

ড০ নগেন শ‍ইকীয়ালৈ প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ বৰেণ্য অসমীয়া বঁটা

■ বিশিষ্ট সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক অসমৰ সংবাদ গোষ্ঠী প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতে বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিব। সাহিত্যিকগৰাকীৰ ডিব্ৰুগড় জিলাৰ ফুকন নগৰত অৱস্থিত বাসগৃহ আশ্ৰয়ত কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকা, প্ৰাক্তন উপাচাৰ্য্য ড০ কন্দৰ্প কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ আৰু দৈনিক...

December 29, 2025 11:37 AM

views 29

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বিমল মজুমদাৰ আ...

December 29, 2025 11:32 AM

views 22

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক ...

December 29, 2025 12:03 PM

views 15

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে'ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ...

December 29, 2025 11:27 AM

views 31

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...

December 27, 2025 8:56 PM

views 56

অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে...

December 27, 2025 8:50 PM

views 21

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দলীয় কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়ালৈকে ৰাজ্যত এক লাখ ৪৫ হাজাৰতকৈও অধিক বিঘা ভূমি দখলমুক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙাৰ ওপৰেৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নি...

December 27, 2025 8:34 PM

views 23

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্রমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্রী ...

December 27, 2025 6:45 PM

views 29

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অহা সোমবাৰে অসমলৈ আহিব। তেওঁ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্রী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত কমাও আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ উ...

December 27, 2025 6:39 PM

views 19

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যে ৬০ দিন পাছত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা অন্তিম দিনা দলীয় কর্মীসকলক উদ্দেশি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়। নামনি অসমৰ পিছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ-সচে...