March 27, 2025 11:27 AM

views 33

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকললৈ ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ সন্মান আগবঢ়াই আহিছে। এই পৰম্পৰা অব্যাহত ৰাখি অহা ৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ এই সন্মানসমূহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৈঠকত এই কাৰ্...

March 27, 2025 11:18 AM

views 14

অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: ৰাজ্যপাল

■ দক্ষিণ-পূব এছিয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰ ৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্রদূত ড° ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈঠকত অসমত ঐতিহ্য পৰ্যটনৰ পৰা বিনিয়োগৰ সম্ভাৱনা লৈ বিভিন্ন বিষয়ে স্থান লাভ কৰে। আই আই টি খড়গপুৰ আৰু জাৰ্মানীৰ শৈক্ষিক বিনিময় সেৱাৰ মাজৰ সহযোগিতাৰ কথা উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই আই আই টি গুৱাহাটীৰ ...

March 20, 2025 11:22 AM

views 22

আজি বিশ্ব ঘনচিৰিকা দিৱস

● আজি বিশ্ব ঘনচিৰিকা দিৱস। পৰিৱেশৰ ভাৰসাম্য অক্ষুণ্ণ ৰখাত সহায় কৰা অথচ ক্ৰমাৎ হ্ৰাস পাই অহা এই চৰাইবিধ সংৰক্ষণৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ বিষয়বস্তু হ'ল লাভ স্পেৰ’ বা ‘ঘনচিৰিকাক মৰম কৰক'। এই দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত চলি থকা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পক্ষী বিক্ষণ প্ৰকল্পৰ অধীনত আৰু লখিমপুৰৰ গ্ৰাম্যানুভূতি নামৰ সংস্থাৰ উদ্যোগত আজি পুৱাৰ ভাগত ব...

March 20, 2025 11:17 AM

views 24

২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব

● ২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল অহা ২৭ মাৰ্চত ঘোষণা কৰা হ'ব। সেইদিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ গুণোৎসৱত এ-প্লাছ পোৱা ৰাজ্যৰ ১১,৫৯৪ খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ'ব। সমগ্র শিক্ষা অসমে এখন জাননীৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে।

March 20, 2025 11:13 AM

views 38

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

■ অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। নিৰ্বাচনত দুয়োখন জিলাৰ ৩ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। নির্বাচন হ'বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা ম...

March 20, 2025 11:08 AM

views 36

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্তক আদৰণি সৰ্বানন্দ সোণোৱালৰ

■ কেন্দ্রীয় মন্ত্রীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অং...

March 20, 2025 11:02 AM

views 20

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী

■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰিয়ালে এই সামগ্ৰী লাভ কৰিব আৰু পাঁচজনতকৈ অধিক সদস্য থাকিলে এই সামগ্রী ২ কিলোগ্ৰামকৈ লাভ কৰিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাসকলক অহা ১ এপ্ৰিলৰ পৰা ১০ হাজাৰ টকাকৈ ...

March 19, 2025 9:18 PM

views 23

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান-বাহন ৰখাৰ সুবিধার্থে হাজো ৰোডৰ জিলিকনি চ’কত নৱনিৰ্মিত পার্কিং জ’নৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যান-জঁট দূৰ কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্...

March 19, 2025 8:28 PM

views 25

‘মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি’ নামেৰে মিজোৰাম চৰকাৰৰ আঁচনি প্ৰৱৰ্তন

মিজোৰাম চৰকাৰে ৰাজ্যখনত মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি নামেৰে এখন বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে। মিপুই হেল্থ কেয়াৰ বুলি পৰিচিত এই আঁচনিৰ অধীনত মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালকে ধৰি সকলো শ্ৰেণীৰ পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। এই আঁচনিখন আয়ুস্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে যুক্ত কৰা হ'ব আৰু বহিঃ আৰু অন্তর্বিভাগ – দুয়োধৰণৰ ৰোগীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালদুৱমাই আজি ৰাজ্য বিধানসভাত এই আঁচনিৰ বিষয়ে ঘোষণা কৰ...

March 19, 2025 5:40 PM

views 33

লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছিনা আলোচনাত ভাষণ দি শ্রী মাৰ্ঘেৰিটাই লেটিন আমেৰিকা আৰু কেৰিবিয়' ৰাষ্ট্ৰসমূহকে ধৰি সম ভাৱাপন্ন সহযোগী দেশসমূহৰ সৈতে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ থল আছে বুলি প্...