April 9, 2025 12:55 AM

views 13

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত মঙলবাৰে বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা, নৰ্দমা আৰু নৈসমূহৰ গেড আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰিষদ আৰু সমাজকৰ্মীক লৈ গঠিত ২১ খন সমিতিৰ অগ্ৰগতিৰ বিশদ প্রতিবেদন গ্ৰহণ কৰা হয়।

April 5, 2025 9:04 PM

views 35

৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব।

April 4, 2025 8:41 PM

views 30

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩২ কোটি ৫১ লাখ টকা মুকলি কৰি দিছে। মন্ত্রালয়ে জনায় যে এই আঁচনিৰ জৰিয়তে এই ৱাৰ্ডসমূহৰ স্কুল, কলেজ আৰু আন পেচাদাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী...

April 4, 2025 7:51 PM

views 22

কাৰ্বি আংলঙৰ বোকাজানত উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক

কাৰ্বি আংলং জিলাৰ বোকাজানত আজি উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক কৰে। আটকাধীন প্রাক্তন সেনা জোৱানজন ডিমাপুৰৰ পৰা লিডুলৈ ৰে'লযোগে গৈ আছিল। ধৃত লোকজনৰ নাম নাওনি কন্যাক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।

April 4, 2025 7:45 PM

views 27

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ হৈছে। এই অধিবেশনৰ বাবে ১৫ খন উপ সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা ৫ হাজাৰ প্ৰতিনিধিক আদৰণি জনাই আপ্যায়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত সভাপতি পলাশ চাংমাই সংগঠনৰ পতাকা উত্তোলন কৰি অসমত পূর্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰলৈ দাবী জনায়।

April 4, 2025 7:31 PM

views 32

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিৰ ১০টাত ৰাভা যৌথ সংগ্ৰাম সমিতি, তিনিটা সমষ্টিত বিজেপি আৰু এটা সমষ্টিত নিৰ্দলীয় প্রার্থীৰ বিজয় সুনিশ্চিত হৈছে। বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্রার্থী অর্জুন ছেত্রী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অ...

April 4, 2025 6:51 PM

views 31

পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ জিলা আৰু শাখা সাহিত্য সভাক আহ্বান অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা ব’হাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই অনুসৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই সমূহ জিলা আৰু শাখা সাহিত্য সভালৈ আজি পত্ৰ প্ৰেৰণ কৰি পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতিবছৰে পালন কৰি অহা নিজৰ দিন অনুষ্ঠানটিৰ জৰিয়তে অসমীয়া কৃষ্টি, সংস্কৃতিৰ বিকাশ আৰু জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ প্ৰচেষ্টা অব্য...

April 4, 2025 6:48 PM

views 23

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিৰ ১০টাত ৰাভা যৌথ সংগ্ৰাম সমিতি, তিনিটা সমষ্টিত বিজেপি আৰু এটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত হৈছে। বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অর্জুন ছেত্রী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অ...

April 4, 2025 6:40 PM

views 23

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি জিয়াচলৰ ৰামেশ্বৰ দলে নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২৪ চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত ৰামেশ্বৰ দলেৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তি-তর্ক শু...

April 4, 2025 6:36 PM

views 34

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচনী কাম- কাজত ব্যস্ত থকাৰ উপৰি ২০ মে’ পর্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেষনা অনুসৰি প্ৰথমবৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষ...