April 9, 2025 3:54 PM

views 28

কামৰূপ জিলাৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত মাছ ধৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ কেতবোৰ নিষেধাজ্ঞা

● মাছৰ প্ৰাকৃতিক প্ৰজনন আৰু বংশবৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত তৎকালে প্রযোজ্য হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি অহা ১৫ জুলাই পর্যন্ত মাছৰ প্ৰজনন ঋতুৰ সময়ছোৱাত বেজাল, মহাজাল, ফাঁচিজাল বা অন্যান্য প্ৰকাৰৰ জাল ব্যৱহাৰ কৰি মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এক বা দুই ছেণ্টিমিটাৰতকৈ কম পাহৰ জালেৰে সমগ্ৰ বছৰজুৰি মাছমৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে এপ্ৰিলৰ পৰা ৩১ জুলাইৰ সময়ছো...

April 9, 2025 3:51 PM

views 22

অসম-নাগালেণ্ড সীমান্তত নগা লোকে এজন অসমীয়া কৃষকক গুলীয়াই হত্যাৰ ভাবুকিৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনা

● অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰৰ কলাজান অঞ্চলৰ সমীপৰ জুজুংয়ান গাঁৱত নগা লোকে এজন অসমীয়া কৃষকক বন্দী কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছত অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। এটা নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত জুজুংয়ান গাঁৱৰ নগা লোকে বাঁহ চুৰিৰ অভিযোগত এজন অসমীয়া যুৱকক বন্দী কৰে। পাছত লোকজনক নগা গাঁৱৰ মহিলাসকলে বন্দুকেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। অৱশ্যে যুৱকজনে সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। নাগালেণ্ড আৰু অসমৰ মাজত স্পষ্...

April 9, 2025 3:48 PM

views 27

আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত আজিৰেপৰা অহা ১২ এপ্ৰিললৈ ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫ অনুষ্ঠিত হৈছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই মেলাত জিলাখনৰ স্থানীয় মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী, বস্ত্ৰ-শিল্প, পিঠা-লাৰু তথা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মেলাথলীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আমাৰ বজালীৰ সংবাদদাতাই জানিবল...

April 9, 2025 3:43 PM

views 20

বাইহাটা চাৰিআলি ননৰা গাঁৱৰ অৰ্জুনতলৰ পৰা মাদক দ্রব্যসহ এজন লোকক আটক

■ অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অধীনত বাইহাটা চাৰিআলি আৰক্ষীয়ে কালি বাইহাটা চাৰিআলি সমীপৰ ননৰা গাঁৱৰ অৰ্জুনতলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক কৰে। ধৃত লোকজন মুজাফৰ ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোকজনক এই সন্দৰ্ভত জেৰা কৰি আছে।

April 9, 2025 3:22 PM

views 39

২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে: বিত্তমন্ত্রী সীতাৰমণ

■ ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলি উল্লেখ কৰে।

April 9, 2025 2:59 PM

views 25

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standi...

April 9, 2025 2:51 PM

views 26

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...

April 9, 2025 11:59 AM

views 31

ৰাজ্যৰ যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰিবলৈ চৰকাৰৰ ৩ টা উন্নত কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা

■ ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰিবলৈ চৰকাৰে তিনিটা উন্নত কৰিড'ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই কৰিড'ৰকেইটা হৈছে— শ্ৰীৰামপুৰ-গুৱাহাটী, গুৱাহাটী-শিলচৰ আৰু গুৱাহাটী- ডিব্ৰুগড়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ দুখন গুৰুত্বপূৰ্ণ চহৰ শিলচৰ আৰু ডিব্ৰুগড়ৰ পৰা ৬ ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ যাত্ৰা কৰিব পৰাকৈ পথ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে গুৱাহাটী-ডিব্ৰুগড় কৰিড'ৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম ...

April 9, 2025 10:58 AM

views 36

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নির্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ৫৬ টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোথানখোমাৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ...

April 9, 2025 1:12 AM

views 20

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত ট্ৰাকৰ মালিকে এই সন্দৰ্ভত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপচান আলী আৰু ইমানুল হক নামৰ ট্ৰাক চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে। ট্রাক চালক দুজনৰ ভাষ্যৰ ভিত্তিতে ট্রাকখন ...