April 22, 2025 12:49 PM

views 36

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

April 22, 2025 12:45 PM

views 18

চানমাৰি নির্মীয়মান উৰণসেতুত এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্রাপ্ত

■ চানমাৰি নির্মীয়মান উৰণসেতুত আজি এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হয়। উৰণ সেতুৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আঘাতপ্রাপ্ত মহিলাগৰাকী ৰমিয় দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইপিনে, যোৱানিশা হোৱা প্ৰৱল বৰষুণৰ ফলত অনিল নগৰ, নবীন নগৰকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

April 22, 2025 12:23 PM

views 14

মৃগাংক বৰ্মনক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি

● অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতি বিভাগৰ গৱেষক ছাত্র তথা নলবাৰীৰ বেলশৰৰ সন্তান মৃগাংক বৰ্মনক এছিয়াৰ অন্যতম কৃষি সন্মিলন আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্মিলনত বিশ্বৰ নানা দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী, গৱেষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চলিত বছৰৰ ছেপ্তেম্বৰত থাইলেণ্ডৰ বেংককত হ'বলগীয়া এই সন্মিলনত বিশ্বৰ কৃষি গৱেষণাৰ অগ্ৰগতি, খাদ্য সুৰক্ষাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত সন্মিল...

April 22, 2025 12:01 PM

views 26

বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি

● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ'ল্ডেন পেগোডাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। কালি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত গুৱাহাটীস্থিত ভূটানৰ কাচ'ল জেনেৰেল জিগমে থিনলে নামগিয়াল, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক অভিজিত...

April 22, 2025 10:46 AM

views 20

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৯৭০ চনৰ পৰা আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটো বিশ্বত মানৱ জাতিৰ সামূহিক প্ৰভাৱৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে চিন্তা-চৰ্চা কৰাৰ দিন। এইবেলি বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ বিষয়বস্তু হ'ল- আমাৰ শক্তি, আমাৰ গ্ৰহ। বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ ৫৫ বছৰ পূৰ্ণ হোৱাৰ দিনটো আজি বিশ্বৰ ১৯২ খন দ...

April 22, 2025 10:23 AM

views 46

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড° ওম প্রকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সম...

April 22, 2025 10:11 AM

views 23

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। যোৱা বছৰৰ ২১ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে ড° মানসিঙক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে ১৯৮৬ চনত সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আ...

April 22, 2025 10:04 AM

views 27

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদিৰ আয়োজন কৰি আহিছে। শাসক দলৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি আৰু তিনিচুকীয়া জিলাত পঞ্চায়ত ন...

April 21, 2025 11:25 AM

views 40

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

April 21, 2025 11:14 AM

views 42

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ...