April 26, 2025 7:05 PM

views 22

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী- দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউ টিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচা...

April 25, 2025 9:23 PM

views 39

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছেঃ উপ-ৰাষ্ট্ৰপতি

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু প্ৰচুৰ সম্ভাৱনাপূর্ণ নৱপ্ৰজন্ম ভৱিষ্যতৰ নেতা হিচাপে বিকশিত কৰাৰ বাবে এটা উন্নয়নমূলক পৰিবেশৰ সৃষ্টি কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি তামিলনাডুৰ ৰাজ্যিক, কেন্দ্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ দুদিনীয়া বৈঠক আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এইদৰে কয়। উদ্যোগ আৰু অন্যান্য বাণিজ্যিক প্রতিষ্ঠানসমূহক উদ্দেশ্যি শ্রীধনখড়ে কয় যে তেওঁলোকে প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উন্নয়নমূলক কাম-কা...

April 25, 2025 8:22 PM

views 22

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা নগাঁৱৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী যড়যন্ত্ৰ থকা বুলি বিধায়কগৰাকীয়ে কৰা বিতর্কিত মন্তব্যৰ বাবে দেশদ্রোহিতাৰ গোচৰত কালি নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি তেওঁক নগাঁও আদালতত হাজিৰ কৰোৱা হয়। আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীযে দাখিল কৰা অভিযোগনামা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীৰ...

April 25, 2025 8:06 PM

views 29

অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয়, যে আমাৰ যুৱশক্তিয়ে বিকশিত অসমৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব আৰু ইয়াৰ বাবে তেওঁলোকক, নিজৰ হাতত থকা উৎকৃষ্ট সুযোগসমূহৰ সদব্যৱহাৰ কৰা তথা প্ৰয়োজনীয় শিক্ষাৰ বাবে সকলো সা-সুবিধা আগবঢ়োৱা হ'ব।বাইটএই সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচা...

April 25, 2025 8:02 PM

views 29

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। বিন্ধাকটা গেৰেকী নেপালী গাঁৱৰ শংকৰ মুৰা নামৰ যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে অভিযান চলাই আছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

April 25, 2025 7:21 PM

views 24

পশ্চিম কাৰ্বি আংলঙত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি ডংকামোকাম, খেৰনি আৰু হামৰেনৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া কেইগৰাকীৰ সৈতে জিলাখনত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা সন্দৰ্ভত বিষয়া কেইগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক নিয়মীয়াকৈ বিদ্যুৎ সেৱা ব্যাহত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

April 25, 2025 6:54 PM

views 30

‘প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি’ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া...

April 25, 2025 6:46 PM

views 23

বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্রান্তীয় বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক নোহোৱা বিদ্যালয়সমূহৰ ফলাফল ভৱিষ্যতে কেনেদৰে উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। তদুপৰি পৰিদৰ্শকগৰাকীয়ে শিক্ষা সেঁতুত শিক্ষক শিক্ষাৰ্থীৰ এশ শতাংশ...

April 25, 2025 6:42 PM

views 17

ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত আই আই টিৰ অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড তথা বিভিন্ন ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্ৰত সেতু নিৰ্মাণৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ক্ষেত...

April 23, 2025 8:54 PM

views 17

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ প্ৰতি শ্ৰদ্ধাৰ লগতে ঘটনাৰ প্ৰতিবাদৰূপে লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন

কাশ্মীৰৰ পেহেলগামত কালি সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে এই ঘটনাৰ প্ৰতিবাদৰূপে আজি লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন কৰা হয়। বন্ধৰ সময়ছোৱাত অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ থাকে। লেহৰ পাৰ্বত্য পৰিষদে মুখ্য কাৰ্যবাহী কাউন্সিল টাশি গেল্যিশ্বনৰ অধ্যক্ষতাত এখন শোকসভা অনুষ্ঠিত কৰাৰ লগতে এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত ২ মিনিট সময় মৌন প্রার্থনা কৰে৷ ইপিনে, লাডাখ বুদ্ধিষ্ট এছোছিয়েছন, অঞ্জুমান ইমামিয়া, অঞ্জুমান মইন ...