May 5, 2025 6:26 PM

views 21

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলিৰ বাবে WWW.HRMSASSAM.IN প'ৰ্টেলৰ জৰিয়তে ২০ মে'ৰ মাজ নিশাপর্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফ ...

May 5, 2025 6:18 PM

views 26

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ...

May 3, 2025 12:18 PM

views 27

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

May 3, 2025 12:06 PM

views 23

কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে প্রকৃতি সম্পর্কে কৰ্মশালা অনুষ্ঠিত

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, নেচনেল বুক ট্রাষ্ট অফ ইন্ডিয়া, বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে কালি প্রকৃতি সম্পর্কে লিখা এখন কৰ্মশালা আৰম্ভ হয়। ৪ মেলৈকে অনুষ্ঠিত হবলগীয়া এই কর্মশালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আনুষ্...

May 3, 2025 12:02 PM

views 28

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ'ব।

May 3, 2025 11:56 AM

views 35

ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন

■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য শিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্বো শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী য...

May 3, 2025 11:50 AM

views 30

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।

May 3, 2025 11:38 AM

views 36

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাই...

May 2, 2025 11:47 AM

views 25

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা...

May 2, 2025 11:41 AM

views 41

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৪.৩০ বজাত সামৰণি পৰিব। ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, ১,১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰ...