May 21, 2025 9:26 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বন আৰক্ষীৰ গুলীত চোৰাংচিকাৰীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বন আৰক্ষীৰ গুলীত এটা চোৰাংচিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দোৱামাৰি বন শিবিৰ এলেকাত চোৰাংচিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাংচিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

May 21, 2025 9:21 PM

views 26

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰে পৰা WOMEN FOR TREES শীৰ্ষক সেউজ অভিযান আৰম্ভ

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰ পৰা WOMEN FOR TREES শীৰ্ষক এক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অধীনত, অটল মিছন ফৰ ৰিজুভেনেশ্বন এণ্ড আৰবান ট্রান্সফর্মেশন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প্ৰচেষ্টাত শিলচৰ চহৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে নগৰীয় স্থানীয় সংস্থা আৰু আত্মসহায়ক গোটৰ সদস্যসকলে কাছাৰ মহাবিদ্যালয়ৰ কাষত গছপুলি ৰোপণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই অঞ্চলৰ পৰাই...

May 21, 2025 9:20 PM

views 19

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে।

May 21, 2025 7:38 PM

views 26

বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে জাৰি কৰা নিৰ্দেশ অনুসৰি বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। আজিৰে পৰা ২০ জুলাই পর্যন্ত মেৰামতি, দীৰ্ঘম্যাদী সুৰক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিকল্প পথ হিচাপে যানবাহনৰ বাবে ৰাণীফেৰা হৈ শিলচৰ কালাইন পথ মুকলি কৰা হৈছে। অৱশ্যে এই পথেৰে ৪০ টনতকৈ অধিক ওজনৰ মালবাহী যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। বহুলোকে বিকল্প ব্যৱস্থা হিচাপে কাটিগড়ৰ পৰা বদৰপুৰলৈ নাৱৰে ...

May 21, 2025 6:57 PM

views 22

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সংগীত উৎসৱ পৰ্যটন অর্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ আজিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫ত মন্ত্রীসভাই অনুমোদন জনাইছে। সেই...

May 21, 2025 6:53 PM

views 21

বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আজি বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত কর্মশালাখনত এনে উদ্যোগৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত প্রায় ৪০০ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িত সকলক তেওঁলোকৰ ব্যৱসায়ৰ পৰা সৰ্বোচ্চ লাভ কি দৰে কৰিব পাৰি, সামগ্ৰীৰ বিপণন আৰু বিক্ৰীৰ বাবে চৰকাৰে কেনে...

May 20, 2025 9:18 PM

views 36

এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্রিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ...

May 20, 2025 9:14 PM

views 21

৩৫ জন এন ডি এফ বিৰ সদস্যক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেছন আদালতলৈ অনা হয়

এন ডি এফ বিৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ৩৫ জন এন ডি এফ বিৰ সদস্যক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেছন আদালতলৈ অনা হয়। চিবিআই আৰু এন আই এ-ৰ বিশেষ আদালতত বিচৰাধীন গোচৰ সংশ্লিষ্ট জিলা আৰু ছেছন আদালতলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত অনুযায়ী এই বিচৰাধীন এন ডি এফ বিৰ সদস্যকেইজনক কোকৰাঝাৰৰ আদালতত হাজিৰ কৰোৱা হয়। আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্রীতম ব্ৰহ্ম চৌধুৰীয়ে জনোৱা অনুসৰি ২০২০ চনৰ বড়ো শান্তি চুক্তিৰ চৰ্ত অনুযায়ী প্রাক্তন এন ডি এফ বিৰ...

May 20, 2025 8:33 PM

views 38

উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্‌ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্‌ফ সম্পত্তিৰ মালিকানা আৰু বিক্ৰীৰ জৰিয়তে ৱক্‌ফ সম্পত্তি সম্পর্কত আদালতে বিবেচনা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক ৱক্‌ফ ব'ৰ্ড আৰু কেন্দ্ৰীয় ৱক্‌ফ পৰিষদৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কত আবেদনকাৰীসকলে দাখিল কৰা আপত্তি সম্পর্কেও সর্ব...

May 20, 2025 8:28 PM

views 21

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন দিছে। এই আৱণ্টন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ডিব্ৰুগড় যোগান বিভাগৰ এটা দলে আজি ভাৰতীয় খাদ্য নিগমৰ চাউলখোৱাত থকা গুদাম পৰিদৰ্শন কৰে। দলটোৱে সকলো পৰিবহণকাৰীক নিৰ্ধাৰিত সময়ৰ ভিতৰত চাউল সংগ্ৰহৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় হ’বলৈ পৰ্যাপ্ত ট্ৰাকৰ যোগান ধৰাৰ বাবে এটা নিৰ্দেশ জাৰি কৰে।