June 3, 2025 8:06 PM

views 21

অসিৎপুৰ চাহ বাগিচাত বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অসিৎপুৰ চাহ বাগিচাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা-কৰ্মীসকলৰ উপৰি ভালেসংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

June 3, 2025 7:57 PM

views 27

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ ছাৰ্ভে ফৰ আধাৰ এণ্ড এক্সেছ টু ট্রেকিং এণ্ড হ’লিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে যোৱা ১৩ মে'ৰ পৰা সাথী অর্থাৎ ছাৰ্ভে ফৰ আধাৰ এণ্ড এক্সেছ টু ট্রেকিং এণ্ড হ’লিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। অভিভাৱকহীন, আশ্রয়হীন, ৰাজপথত বাস কৰা, সুৰক্ষা আৰু যত্নৰ সুস্থিৰ উৎস নথকা ১৮ বছৰ তলৰ নিঃস্ব শিশুসকলক আইনী পৰিচয় প্ৰদান আৰু সমাজ কল্যাণ আঁচনিসমূহৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত জিলা আইন সেৱা প্ৰাধিকৰণৰ নেতৃত্বত মিছন-ম’ড পদ্ধতিৰে এই বিশেষ শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ আধাৰৰ পঞ্জীয়ন কৰাৰ লগতে ...

June 3, 2025 7:53 PM

views 33

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্রস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্রতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফল...

June 3, 2025 7:41 PM

views 23

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাওলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন কেন্দ্রীয় সমিতিখন নিৰ্বাচন কৰা হয়।

June 3, 2025 8:10 PM

views 61

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভাস্বত শ‍ইকীয়া আৰু ধৃতিৰাজ মিশ্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০...

June 2, 2025 9:22 PM

views 32

কাৰ্বি আংলঙৰ দলদলী সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বোথাৰি নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বনসংৰক্ষক কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এগৰাকী প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ এগৰাকী প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এজন প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনক যাৱতীয় ...

June 2, 2025 9:15 PM

views 37

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশা...

June 2, 2025 9:13 PM

views 36

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভা...

June 2, 2025 9:09 PM

views 32

বজালীত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী

বজালী জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালীৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি পাটাছাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত সমল ব্যক্তিসকলে মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু এনে দ্ৰব্য সেৱনৰ পৰা আঁতৰত থাকিব পৰা উপায় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত ...

June 2, 2025 8:49 PM

views 29

ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ'চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োখন দেশে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ আদিৰ বিৰুদ্ধে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত...