June 6, 2025 8:53 PM

views 19

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে।

June 6, 2025 8:50 PM

views 21

পিএমশ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত

আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কালি পিএমশ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বীৰ দায়িত্বত থকা কাৰ্তিক সূত্ৰধৰ, প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিত দাস, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্য আৰু অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বকুল, নাহৰ আৰু নিমগছৰ পুলি ৰোপণ কৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বীৰ দায়িত্বত থকা কাৰ্ত...

June 6, 2025 8:34 PM

views 39

বঙাইগাঁৱত ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান

বঙাইগাঁও জিলাতো আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে মাতৃৰ পিছতে অংগনবাড়ী কর্মীসকল হৈছে শিশুসকলৰ পথ প্ৰদৰ্শক। অংগনবাড়ী কর্মীসকলে যাতে কামসমূহ সূচাৰুৰূপে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্মার্ট ফোন প্ৰদান কৰা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে অনুষ্ঠানত উল্লেখ কৰে৷

June 6, 2025 7:18 PM

views 32

ধেমাজীৰ চিমেন নদীত নৈত উটি অহা মৃতদেহ উদ্ধাৰ

ধেমাজী জিলাৰ চিমেন নদীত আজি পুৱা নৈত উটি অহা এটি মৃতদেহ উদ্ধাৰ কৰা হয়। চিমেন নদীত দলং নিৰ্মাণৰ কাম চোৱা চিতাৰ দায়িত্বত থকা লোকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি চিমেন চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজন চিলাপথাৰ চিলিৰ ভাৰত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দালিগাঁৱৰ এজন লোকৰ ঘৰত কৰ্মৰত লোকজনৰ মৃত্যুৰ কাৰণ মৰনোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

June 6, 2025 7:13 PM

views 44

চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ

চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত আজি স্মার্ট ফোন বিতৰণ কৰা হয়। এই উপলক্ষে জিলাখনৰ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে ডিজিটেল সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য চৰাইদেউ জিলাত ৬২৫ গৰাকী অংগনবাড়ী কৰ্মী আছে। ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত...

June 6, 2025 6:58 PM

views 32

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত শিশু আৰু মহিলাকে ধৰি প্ৰায় ২০০ লোক অসুস্থ হৈ পৰে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ৫৭ জনক পাথৰিঘাট খণ্ড প্ৰাথমিক...

June 6, 2025 6:55 PM

views 31

ৰাজ্যৰ ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। এই বানত ৰাজ্যখনৰ এহেজাৰ ৪০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪১ হাজাৰতকৈ অধিক লোকে ১৭৫ টা আশ্রয় শিবিৰত আশ্ৰয়...

June 3, 2025 9:01 PM

views 17

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্রী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আ...

June 3, 2025 8:20 PM

views 14

প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ মৃত্যু

ধেমাজি চিলাপথাৰৰ নিবাসী, চিচি চাৰিআলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। চিলাপথাৰ সাহিত্য সভা, চিলাপথাৰ নগৰ উন্নয়ন সমিতিৰ সৈতে জড়িত প্ৰয়াত গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

June 3, 2025 8:16 PM

views 30

ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নীপকোৱে ৰঙানদী বান্ধৰ অতিৰিক্ত পানী আকস্মিকভাৱে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পাছত আজি ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰৰ ৰাজপথত আজি ৰাইজৰ দলৰ নেতৃত্বত জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ সদস্যই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে এন এইচ পি চিৰ বৃহৎ নদীবান্ধৰ উপৰি অৰুণাচল প্ৰদেশত নির্মীয়মান ১৩৪ টা নদীবান্ধৰ কাম শীঘ্ৰেই বন্ধ কৰি দিয়াৰ দাবী জনায়।