June 30, 2025 7:39 PM

views 36

৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা বিত্তমন্ত্ৰী সীতাৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে স্পেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিত্ত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ নতুন আৰু বৰ্তমানৰ সমস্যা বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় গাঁথনিৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে এই সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ সন্মিলনত ভাষণ দিব।...

June 30, 2025 7:37 PM

views 27

অন্যান্য খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ দেশৰ পশু চিকিৎসালয়সমূহক সমৃদ্ধ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা, তথ্যৰ বিশ্লেষণ আদিকে ধৰি বিভিন্ন পদ্ধতিয়ে পশু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে...

June 24, 2025 1:05 PM

views 19

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।

June 24, 2025 12:58 PM

views 33

ভটিয়াপাৰত ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমন আগন্তুক দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ - কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নিগমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্রেন অর্থাৎ দীঘলীয়া ক্রেনখনকো কামত লগোৱা হৈছে। গেছ নিৰ্গমনৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘটনাস্থলীৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ...

June 24, 2025 12:44 PM

views 27

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা গুৱাহাটীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। অসম আন্দোলনৰ নেত্ৰী বীণা ভট্টাচাৰ্যৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

June 24, 2025 12:39 PM

views 32

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লাগিব। প্রার্থীসকলক মার্কশিটৰ লগতে নথি পৰীক্ষণৰ এডমিট কার্ডো প্ৰদান কৰা হৈছে।

June 24, 2025 12:36 PM

views 33

বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভিন্ন জটিল ৰোগত আক্রান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকৰ প্রয়োজনীয় চিকিৎসা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি স্বাস্থ্য শিবিৰৰ বাবে প্ৰয়োজনীয় চিকিৎসক, শিবিৰৰ স্থান আদি বিষয়তো আলোচনা কৰা ...

June 24, 2025 12:32 PM

views 26

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নলা-নর্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে সৃষ্টি হোৱা এই কৃত্রিম বান নোহোৱা কৰিবলৈ জিলা প্ৰশাস...

June 24, 2025 12:26 PM

views 31

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পর্যটন মন্ত্ৰী ৰণজিৎ কু...

June 24, 2025 12:15 PM

views 18

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ ১১ খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে ...