January 13, 2026 8:29 PM

views 21

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে অভিযান চলাই আমিনগাওঁত ১১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি নামনি অসমলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

January 13, 2026 7:48 PM

views 123

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন

● অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। নৱগ্ৰহ শ্মশানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই ৭৯ বছৰত দেহাৱসান ঘটা শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিলীপ শ‍ইকীয়াই ৰাজ্যৰ সংগীত জগতলৈ শিল্পীগৰাকীৰ অৱদানৰ কথা এইদৰে স্মৰণ কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। মন্ত্রী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্...

January 13, 2026 6:38 PM

views 22

২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে “মানাহ মহোৎসৱ”ৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগনত "মানাহ মহোৎসৱ" ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তির্কীয়ে আজি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে। কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত এই মহোৎসৱৰ লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। উল্লেখ্য য়ে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পর্যটকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে এই মহোৎসৱৰ আয়োজন কৰা হয়। এই মহোৎসৱত উদ্যা...

January 13, 2026 5:44 PM

views 18

আজি নিশা ৯.১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি ক্ষন্তেক পাছতে নগাওঁ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ চিকিৎসা সেৱাৰ বিভিন্ন সুবিধা সন্দৰ্ভত নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণুৰাম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাওঁ জিলাৰ সংবাদদাতা মুনীন্দ্ৰ শ‍ইকীয়াই। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

January 13, 2026 6:35 PM

views 14

ভাৰত-বাংলাদেশ সীমান্তৰ জোডাঙ্গাত এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জোডাঙ্গাত সীমান্ত সুৰক্ষা বাহিনীয়ে আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰতনপুৰ গাঁৱৰ মিষ্টাৰ আলী বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনে আন ৫ জন বাংলাদেশী চোৰাং সৰবৰাহকাৰীৰ সহযোগত কাঁইটীয়া তাৰৰ বেৰ পাৰ হৈ গৰু সৰবৰাহৰ বাবে অসমত প্ৰবেশ কৰিছিল । সীমান্তত টহলধাৰী বি এছ এফ জোৱানে এজনক কৰায়ত্ব কৰে যদিও আন ৫ বাংলাদেশী সৰবৰাহকাৰীযে পলায়ন কৰে। আৰক্ষীয়ে ধৃত লোকজনক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।

January 13, 2026 5:33 PM

views 42

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ আজি ৮৯ সংখ্যক জন্ম দিন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ ৮৯ সংখ্যক জন্ম দিন উপলক্ষ্যে আজি ডিফুত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। ডিফু সাহিত্য সভাৰ উদ্যোগত আয়োজিত কার্যসূচীত ভালে সংখ্যক লোকে পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সাঁকো স্বৰূপ, ৰংমিলিৰ হাঁহিৰ শ্ৰষ্টা ৰংবং তেৰাঙৰ জন্মদিন উপলক্ষ্যে শুভেচ্ছা জনায়। জিলা আয়ুক্ত আৰন্য শ‍ইকীয়াই জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ কৰি সু-স্বাস্থ্য কামনা কৰে।

January 13, 2026 5:28 PM

views 72

আজি ভোগালী বিহুৰ উৰুকা

ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুঁৱাৰে পৰা বজাৰসমূহত গ্রাহকে ভিৰ কৰা দেখা গৈছে। হেঁপাহৰ ভোগালী বিহুৰ বাবে প্ৰায়বোৰ ঠাইতে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। সকলোৱে মিলি উৰুকাৰ ভোজ-ভাতৰো আয়োজন কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্রীলক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ ...

January 13, 2026 5:05 PM

views 17

উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিত মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ ১৪ হাজাৰ ১৩৫ গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। শ্ৰীভূমি জিলাৰ ক্রীড়া সন্থা খেলপথাৰত এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষন দি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলক আর্থিকভাৱে সবল কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ মহিলাসকলক এই ধনৰাশিৰ যথোচিত ব্যৱহাৰেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। ড০ শৰ্মাই ইয়াৰ পাছত আজি কাটিগড়া আৰু বৰখলা...

January 13, 2026 4:54 PM

views 76

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ ৭৯ বছৰ বয়সত দেহাৱসান

অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্র বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ বিয়োগত অসমবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। ৭৯ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ মৃত্যুত বিভিন্নজনে গভীৰ শোক প্রকাশ কৰিছে। গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীৰ চৌহদলৈ অনা হয়। শিল্পীগৰাকীৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ'ব। সংগীত শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্...

January 9, 2026 12:28 PM

views 26

ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন অংশত ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । গ্ৰামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ...