July 19, 2025 12:06 PM

views 18

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূর্ণ ভৱনটোৱে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোকনির্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম- কাজ আৰম্ভ কৰিছে ...

July 19, 2025 12:00 PM

views 22

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্রদানত অনুমোদন জনায়। খৰাংসদৃশ প...

July 18, 2025 1:21 PM

views 39

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

July 18, 2025 10:57 AM

views 28

অইল আইটা ছুপাৰ ছিৰিজ টেনিছত কৃষ্টি হালৈৰ ফাইনেলত প্ৰৱেশ

■ অসমৰ কৃষ্টি হালৈয়ে গুৱাহাটীত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্রতিযোগিতাৰ ছোৱালীৰ ছিংগলছৰ ১২ আৰু ১৪ বছৰ অনুৰ্থ উভয় শাখাৰে ফাইনেলত প্ৰৱেশ কৰিছে। কৃষ্টিয়ে কালি ১৪ বছৰ অনুৰ্থ শাখাৰ ছেমি ফাইনেলত অসমৰে সংস্কৃতি বৰাক ৬-১, ৬-৪ ছেটত পৰাস্ত কৰে।

July 18, 2025 10:53 AM

views 26

অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্রহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

July 18, 2025 10:38 AM

views 21

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্রান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ আঢ়ৈশৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য ...

July 18, 2025 10:26 AM

views 24

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি

■ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱৰ্ত্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পাব। ইপিনে, ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্...

July 17, 2025 9:26 PM

views 23

ধেমাজিত দলীয় কর্মকর্তাৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ সাংগঠনিক সভা

কৃষিমন্ত্রী অতুল বৰাই ধেমাজিত আজি দলীয় কর্মকর্তা সকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কর্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তা সকলৰ সক্রিয় ভূমিকা আৰু উৎসর্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত বিভিন্ন পৰিষদীয় নির্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তা সকলক অধিক সক্রিয় হ’বলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সভাত কর্মকর্তা সকলক দিহা-পৰামৰ্শ আগবঢ়ায়।

July 17, 2025 7:41 PM

views 37

জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ

মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে আজি ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্রী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ তিনিখন বাহন মুকলি কৰে। জাগীৰোড পঞ্চায়তৰ উপৰি দেওশাল আৰু পালিগুৰি গাঁও পঞ্চায়তলৈ এই বাহনসমূহ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ আহ্বান জন...

July 17, 2025 6:50 PM

views 30

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষাত গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। সমীক্ষাত গুৱাহাটী চহৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ বঁটা লাভ কৰিছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰলৈ আগবঢ়োৱা এই সন্মানৰ তালিকাত গুৱাহাটী চহৰে ৪৪ সংখ্যক স্থান লাভ কৰিছে। অনাময় ব্যৱস্থা আৰু আৱৰ্জনামুক্ত চহৰৰ ক্ষেত্ৰত গুৱাহাটীয়ে প্ৰমাণপত্ৰ লাভ কৰে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বঁটা ...