August 7, 2025 8:40 PM

views 37

এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড ৰোমনালডেজ মাৰ্কোছ জুনিয়ৰে এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা কৰিছে। বেংগালুৰত আজি ফিলিপাইনছ-ভাৰত ব্যৱসায় মঞ্চত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুয়োখন দেশে আঞ্চলিক জ্ঞানৰ আদান-প্রদান, যোগান শৃংখলা সুদৃঢ় কৰা আৰু এই খণ্ডত ব্যাপক উদ্ভাৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ বৈদ্যুতিক বাহন, উন্নত বৈদ্যুতিক সামগ্ৰী, পুনৰ নৱীকৰণযোগ্য শক্তি, কৃষি, স্বাস্থ্য আৰু ছাইবাৰ সুৰক্ষা- এই ৬টা খণ্ডত দীঘলীয়া স...

August 7, 2025 8:28 PM

views 33

নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল

গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস্ত কৰে। বেতকুছিৰ হৈ এছ বসুমতাৰীয়ে খেলৰ ২৫ মিনিটত বিজয়সূচক গলটো দিয়ে। ইপিনে, নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমি ফাইনেলত বৰুৱাহোলা হাইস্কুলে কোকৰাঝাৰক ২-০ গলত পৰাভূত কৰে। খেলৰ ১৯ মিনিটত ডলী গগৈয়ে ...

August 7, 2025 8:04 PM

views 25

আকাশবাণী গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী বন্ধন প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ

প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ এটা দলে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী পিন্ধায়। বিশ্ব ভাতৃত্ব আৰু শান্তিৰ বাণী কঢ়িয়াই অনা দলটোৰ এই প্ৰয়াসক আকাশবাণীৰ বিষয়া-কৰ্মচাৰী সকলে আন্তৰিকভাৱে প্ৰশংসা কৰে।

August 7, 2025 7:58 PM

views 25

দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্রী পীযূষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগা বিপণীখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত-বিনিময় কৰে। গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী উলিওৱা হয়। জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদ...

August 7, 2025 7:39 PM

views 19

৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা ৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্রকাশন বিভাগে প্রকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ -Untold Stories of the Freedom struggle from North East India-ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্...

August 7, 2025 7:32 PM

views 26

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই-চালান কাটি প্রায় ৭ কোটি ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান-বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে।

August 7, 2025 7:20 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ভাস্কৰ্য খোদিত দেৱাল স্থাপন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা এখন ভাস্কৰ্য খোদিত দেৱাল স্থাপন কৰা হয়। শিল্পী জয়ন্ত চক্ৰৱৰ্তীয়ে খোদিত কৰা এই দেৱালখনত বিহুনৃত্যৰ লগতে বাগৰুম্বা, কাৰ্বি আৰু চাহ জনগোষ্ঠীয় ঝুমুইৰ নৃত্য ভংগিমা প্ৰদৰ্শিত হৈছে। আজি দুপৰীয়া আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চালক প্ৰধান ৱালিউল্লা খানে এই দেৱালখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন অনুষ্ঠান মূৰব্বী দিলীপ কুমাৰ দাসকে ধৰি কেইবা...

August 7, 2025 7:11 PM

views 75

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপনৰ উদ্দেশ্যে কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰ শীৰ্ষক কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্রতিযোগিতা পৰিচ...

August 7, 2025 7:01 PM

views 37

বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

আসন্ন বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় দল বিজেপিয়েও বিটিআৰৰ প্ৰতিখন জিলাৰ মণ্ডল, বুথ সমিতিসমূহৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বাক্সা জিলাৰ বাগানপাৰাত ৯ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া সভাৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে। বিটিআৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ লক্ষ্যৰে বিজেপিয়ে এই...

August 7, 2025 6:48 PM

views 30

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই দটমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয় । আসন্ন বিচিটিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ ওদালগুৰিত হ'বলগীয়া বিজয় সংকল্প সভাত অংশ ল'ব। তিনি পৰিষদীয় সমষ্টিত তেওঁ দলীয় কার্যকৰ্তাসকলৰ সৈতে সভাত অংশ লোৱাৰ কথা। খৈৰাবাৰী পৰিষদীয় স...