August 25, 2025 10:27 AM

views 58

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ'ব। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দ...

August 25, 2025 10:22 AM

views 35

দেশৰ ৰে’ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত

● দেশৰ ৰে'ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী ছাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ প্ৰায় এপষেকহে বাকী।

August 25, 2025 10:19 AM

views 30

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থা...

August 25, 2025 10:13 AM

views 55

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে যি স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে সেই ঠাইৰ পৰা উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসম যাতে শেষ হৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাই থকা বুল...

August 24, 2025 6:13 PM

views 32

মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয়ত বিত্ত মন্ত্রী অজন্তা নেওগৰ পর্যালোচনা

■ বিত্ত মন্ত্রী অজন্তা নেওগে আজি মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয় পর্যালোচনা কৰে। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। এই বৈঠকত শিশু কল্যাণ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেইবাগৰাকীও মন্ত্ৰীয়ে শেহতীয়াকৈ মানকাচৰ ভ্ৰমণ কৰিছে।

August 24, 2025 1:14 PM

views 26

আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে’ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে'ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

August 24, 2025 1:10 PM

views 62

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ...

August 24, 2025 1:07 PM

views 16

৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছত ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ

■ তামিলনাডুৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অম্লানে কালি ২১ দশমিক ১ - ৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰে। এই শিতানত অনিমেষ কুজুৰে স্বৰ্ণ আৰু ৰাগুল কুমাৰে ৰূপৰ পদক লাভ কৰে।

August 24, 2025 12:57 PM

views 58

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সোমবাৰে শপতগ্ৰহণ

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা ১৬ আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছিল।

August 24, 2025 12:48 PM

views 62

সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে

■ একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্যা হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব্যুৰো ছীফ সুশান্ত তালুকদাৰে কয়, যে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰ সলনি হোৱাৰ লগে লগে সাংবাদিকতাৰ ধাৰাও সলনি হৈছে। তেজপুৰৰ মহাজাতি আৰু অগ্নিগড় কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক অঞ্জন গোস্বামীয়ে কয় যে সাম্প...