September 1, 2025 11:34 AM

views 25

নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা

■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন'বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতা ছাফিনা হুছেইনে ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী সংগঠন হিচাপে মেগছেছে বঁটা লাভ কৰাটো দেশৰ ছাত্ৰীৰ বাবে ঐতিহাসিক মুহূর্ত বুলি মত প্ৰকাশ কৰিছে। সংগঠনটোৱে পৰৱৰ্তী দশকটোত ১ কোটি শিক্ষাৰ্থীৰ...

September 1, 2025 11:31 AM

views 32

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয়, যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দি...

September 1, 2025 11:24 AM

views 21

বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব: মুখ্যমন্ত্ৰী

● ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰি বঁটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। বৰাক উপত্যকাৰ হিন্দু-বঙালী সম্প্ৰদায়ৰ সম্পূৰ্ণ সুৰক্ষা তথা সামগ্ৰীক বিকাশৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি যাব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰখাৰিলৈ ৭০০ কোটি টকা ব্যয় সাপেক...

September 1, 2025 11:20 AM

views 44

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰদল ইউ পি পি এলৰ সৈতে বন্ধুত্বপূর্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা বিজেপিয়ে কালি সন্ধিয়া ২৮ জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি এখন সং...

August 31, 2025 9:46 PM

views 14

তামুলপুৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি জিলা দণ্ডাধীশৰ বিশেষ নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাত সমাগত বি টি চি নির্বাচন উপলক্ষে শান্তি-শৃংখলা বজাই ৰাখি নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা বন্দুক তথা অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশৰ পৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক ৰেহাই দিয়া হৈছে। ইয়াৰ লগতে ক্ৰীড়াৰ বাবে ৰাইফল ব্যৱহাৰ ক...

August 31, 2025 10:03 PM

views 25

ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ কৰে। বৈঠকত শ্রীমোদীয়ে কয়, যে ভাৰতে চুবুৰীয়া নীতি প্রথম, এক্ট ইষ্ট আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় নীতিৰ অধীনত ম্যানমাৰৰ সৈতে গুৰুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি আহিছে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্বন্ধৰ পুনৰীক্ষণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ বিশেষকৈ, উন্নয়ন সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা, সীমান...

August 31, 2025 9:50 PM

views 43

বিজেপিৰ অসম প্ৰদেশ গোটৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও

বিহাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত দাভাঙ্গাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যৰ বিৰোধিতাৰে বিজেপিৰ অসম প্ৰদেশ গোটে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ সহস্ৰাধিক কাৰ্যকৰ্তাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি ৰাহুল গান্ধীয়ে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী তোলে। বিজেপিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছ দলক সকিয়াই দিয়ে।

August 31, 2025 9:49 PM

views 25

বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ বিশেষ নির্দেশনা

সমাগত বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্ত্তীয়ে বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্রার্থীসহ মুঠ ৫ গৰাকী লোককহে মনোনয়ন প্ৰত্যাহাৰৰ সময়ত জিলা নির্বাচনী বিষয়া বা সহকাৰী নিৰ্বাচনী বিষয়াৰ কাৰ্লালয়ত প্ৰবেশৰ অনুমতি দিয়া হৈছে। লগতে প্ৰাৰ্থীৰ সৈতে থকা গাড়ীৰ সংখ্যা তিনিখনলৈ সীমিত কৰা হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষকে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসা...

August 31, 2025 9:47 PM

views 31

শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত এই মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া শিলচৰত উপস্থিত হয়। ড০ শৰ্মাই আজি শিলচৰৰ ৰাংগীৰখাৰি পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰি নেতাজীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বাইট (চি এম) নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপন...

August 31, 2025 9:35 PM

views 23

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিতঃ প্রধানমন্ত্ৰী

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয়, যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো সামগ্রী স্বদেশী হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহ্বান জনায়। এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপর্যয়ে যেন ...