October 7, 2025 12:52 PM
54
অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷ মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱ...