October 14, 2025 11:23 AM

views 43

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন ঠাইত শ্রদ্ধা নিবেদন

● অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক তথা সমালোচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জয়ন্তী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে শ্রদ্ধা নিবেদন কৰা হৈছে। প্ৰজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ মাৰ্গ দৰ্শনকাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্রদ্ধা জ্ঞাপন কৰিছে। ১৯৬৪ চনৰ আজিৰ দিনটোতেই নগাঁৱৰ আহঁতগুৰিত অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বেজবৰ...

October 14, 2025 11:19 AM

views 26

ৰাজ্য চৰকাৰৰ শুশ্রূষা সেঁতু শীর্ষক স্বাস্থ্য শিবিৰত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা সম্পন্ন

● ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্রদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰ সমূহত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্য মেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ ক...

October 13, 2025 8:54 PM

views 43

বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ

বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে'ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ তিনিজন লোকক আটক কৰা হৈছে। জব্দ কৰা বনৰৌৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ'ব বুলি বন বিভাগে প্রকাশ কৰিছে। সম্প্ৰতি লোক কেইজনক সোধাপোছা কৰি থকা হৈছে।

October 13, 2025 8:53 PM

views 31

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি

দৰং জিলা প্ৰশাসনে ছিপাঝাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ তিনি নম্বৰ ধলপুৰ গাঁৱৰ ২৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে পৰহিলৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দখলীকৃত চৰকাৰী ভূমিত থকা ১৬৭টা পৰিয়াললৈ এমাহ পূৰ্বে জাননী জাৰি কৰা হৈছিল। এই জাননীৰ প্ৰত্যুত্তৰত নিজৰ ভূমিৰ অধিকাৰ বিচাৰি কোনেও এই পর্যন্ত প্র...

October 13, 2025 8:12 PM

views 27

ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰিছে। আস্থা শীৰ্ষক পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইয়াৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক অত্যাধুনিক সা-সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হ'ব। একেদৰে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্মার্ট ক্লাছ আৰু আধুনিক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত ডিজিটেল আৰু শৈক্ষিক...

October 13, 2025 7:46 PM

views 31

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবা...

October 13, 2025 7:24 PM

views 38

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্...

October 13, 2025 7:20 PM

views 20

শদিয়া সমজিলাত কাইলৈ মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।

October 13, 2025 7:19 PM

views 21

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংস্থাটোৱে ইণ্টাৰ নেচনেল ক্রিকেট কাউন্সিল আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই ৱাই আইৰ সহযোগত গুৱাহাটীত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কন্যা শিশুসকলৰ নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ কর্মপন্থা যুগুত কৰে। তেওঁলোকে এই অঞ্চলসমূহত ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই এই পদক্ষেপৰ বাবে ইউনিছেফক ধন্...

October 13, 2025 7:15 PM

views 24

জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ ২ সৰবৰাহকাৰীক আটক

ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল-সংগঠনৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেনচাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইনভা বাহনখনো জব্দ কৰে।