October 22, 2025 12:10 PM

views 34

নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত নেহৰুবালিত আয়োজন কৰা এখন জনসভাত অংশ লৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক অহতাসম্পন্ন মহিলাক ১০ হাজাৰ টকাকৈ মূলধন প্রদান কৰিব। তেওঁ নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ ৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰিব। তদুপৰি ৮ কোটি ৭৩ লাখৰো অধিক ধন ব্যয়সাপেক...

October 17, 2025 12:31 PM

views 66

যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত ডিব্ৰুগড়ত সজাগতামূলক আলোচনা সভা

● ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত এখন সজাগতামূলক আলোচনা সভা অনুষ্ঠিত হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী তথা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত আইনগত বিধি আৰু প্ৰতিটো কাৰ্যালয়তে গঠন কৰিবলগীয়া কমিটিসমূহৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হয় ৷

October 17, 2025 12:26 PM

views 33

ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অসম মন্ত্ৰীসভাৰ অনুমোদন

● অসম মন্ত্রীসভাই নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া ইউৰিয়া প্ৰকল্পৰ কাম কৰি থকা আছাম ভেলী সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে ১০ হাজাৰ ৬০১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই এম’নিয়া ইউৰিয়া প্ৰকল্পত বছৰি ১২ লাখ ৭ হাজাৰ মেট্রিকটন ইউৰিয়া সাৰ উৎপাদন হ’ব। তদুপৰি এই প্ৰকল্পই ৪৬০ গৰাকী স্থায়ী আৰু এহেজাৰ ৫০০ গৰাকী অস্থা...

October 17, 2025 12:22 PM

views 59

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

October 17, 2025 12:13 PM

views 41

শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা

কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্‌ছ' আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

October 17, 2025 12:11 PM

views 44

বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী

● অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিচেফৰ সহযোগত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ল'বলগীয়া সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী হাতত লৈছে। আন্তঃৰাষ্ট্ৰীয় আলোড়ন দিৱস উপলক্ষে কালি গুৱাহাটীত এই কাৰ্যসূচী মুকলি কৰা হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচী মুকলি কৰি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই পদক্ষেপৰ শলাগ লয...

October 14, 2025 11:35 AM

views 35

চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে: জাহ্নু বৰুৱা

● চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা, ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিতম ড° যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে এই মন্তব্য কৰে। বক্তৃতাৰ আৰম্ভণিতে জাহ্নু বৰুৱাই ড° যোগীৰাজ বসু আৰু কৃষ্ণকান্ত সন্দিকৈৰ সংস্কৃত পাণ্ডিত্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে সংস্কৃত...

October 14, 2025 11:32 AM

views 31

কাইলৈ ঘোষণা এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল

● এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ ১০.৩০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী...

October 14, 2025 11:30 AM

views 50

আগন্তুক ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ৩২ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

October 14, 2025 11:27 AM

views 37

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজৰ দাবী

● গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজে দাবী জনাই আহিছে। কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে পুনৰ এই দাবী জনায়। গুৱাহাটীৰ চেনিকুঠীৰ সূৰ্য সমলয় ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বিশিষ্ট নাট্যকর্মী ৰবিজিতা গগৈয়ে শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা প্ৰেক্ষাগৃহ আৰু কলাবিথিকা শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায়। ভৱনটোত চলি থকা মেৰামটি কাৰ্য শীঘ্ৰেই সম্পন্ন কৰি মুকলি কৰি দিবলৈ জুবিন গাৰ্গৰ লগতে এহেজাৰ ১০৮ গৰাকী ন-পুৰণি শিল্পীৰ স্বাক্ষৰ সম্বলিত এখ...