October 27, 2025 6:13 PM

views 23

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগড’গ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহা প্ৰবন্ধক এছ হাউকিপ জেম্পুৱে কয়, যে এয়াৰ ইণ্ডিয়া এক্সপ্রেছে আগতৰতলাৰ মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰৰ পৰা কালি সন্ধিয়া বাগড’গ্ৰালৈ বিমান সেৱা আৰম্ভ কৰে। তেওঁ লগতে কাইলৈৰ পৰা সপ্তাহত দুবাৰকৈ মঙলবাৰ আৰু শুকুৰবাৰে আগৰতলা আৰু শিলচৰৰ মাজত বিমান চলিব বুলি প্ৰকাশ কৰে। প্ৰায় ৩০ বছৰৰ পাছত উত্তৰ-প...

October 27, 2025 6:14 PM

views 41

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপ...

October 24, 2025 6:24 PM

views 48

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যু

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। প্ৰয়াত গোস্বামী কেইবাখনো ইংৰাজী আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ সৈতে জড়িত হৈ আছিল। তেওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত অসমৰ সংবাদ জগতত শোকৰ ছাঁ পৰে।

October 24, 2025 6:05 PM

views 117

জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ দেহাৱসান

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ।

October 24, 2025 6:03 PM

views 34

তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰা হ'ব। অহা ২৯ অক্টোবৰত পুৱা জিলাখনৰ ৪১ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভূমিকম্প আৰু অগ্নিনির্বাপন সন্দৰ্ভত অনুশীল...

October 24, 2025 6:00 PM

views 41

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 24, 2025 5:55 PM

views 42

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰায় ৩২ লাখত...

October 22, 2025 12:51 PM

views 27

২৫ অক্টোবৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

● অসমত টেলিভিছন সংবাদ প্রচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ১৯৮৫ চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

October 22, 2025 12:26 PM

views 22

আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ

● অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুবাৰী-মাৰ্চত হ'বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগা শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ২০ নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰ-পত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শি...

October 22, 2025 12:16 PM

views 34

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...