October 28, 2025 11:06 AM

views 134

কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

● কাছাৰ আৰক্ষীয়ে কালি কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ সংখ্যা ১৫লৈ বৃদ্ধি হৈছে। বিগত কেইবাটাও দিনত আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ সন্ধানত অভিযান চলাই আহিছে। এই অভিযানত আৰক্ষীয়ে কালি সোণাই থানাৰ অন্তৰ্গত নগদিগ্ৰামৰ বাসিন্দা ডাঃ ৰাজুল হক লস্কৰক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তগৰাকীয়ে নিজকে চিকিৎসক হিচাপে ভুৱা পৰিচয়েৰে বেবী হেলথ কেয়াৰ নামৰ এখন ক্লিনিক অবৈধভাৱে চলাই আহিছিল।

October 28, 2025 11:03 AM

views 118

কপিলী মহাবিদ্যালয় খেলপথাৰত শুশ্রুষা সেঁতু শীৰ্ষক স্বাস্থ্য শিবিৰ

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ১১১ নম্বৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খেনিস্থিত কপিলী মহাবিদ্যালয় খেলপথাৰত আজি শুশ্রুষা সেঁতু শীৰ্ষক এটা স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। বিধায়ক ৰূপ সিং টেনে এই শিবিৰ মুকলি কৰিব। ১৮ বছৰ অনুৰ্ধ ৩৫ হাজাৰৰো অধিক ৰোগীক এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে। এই স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব বুলি জিলা স্থাস্থ্য বিভাগে প্রকাশ কৰে।

October 28, 2025 11:01 AM

views 30

ষট্ পূজা উপলক্ষে উত্তৰ-ভাৰতীয় লোকসকলৰ বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা

■ ষট্ পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰিবলৈ সমবেত হয়। কালি নিশাটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ লগে লগে আজি পূজাৰ সামৰণিও পৰে। অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল-মূল, পিঠাপনা আদি আগবঢ়াই অস্তমিত সূৰ্য্য দেৱতাক আৰাধনা কৰি আজি পুৱা উদিত স...

October 28, 2025 10:56 AM

views 51

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 28, 2025 10:53 AM

views 145

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক আটক

● গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পাছতেই সংগঠনটোৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কালি শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁ এই বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়। শৃংখল চলিহাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সংগঠনটো কেৱল অসম আৰু অসমীয়াৰ বাবেহে দায়বদ্ধ বুলি উল্লেখ কৰে। ধন দাবী আৰু অপহ...

October 28, 2025 10:50 AM

views 46

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ...

October 28, 2025 10:44 AM

views 54

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড° শৰ্মাই নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তে...

October 27, 2025 9:24 PM

views 46

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয়, প্ৰতিভাৰ সমান্তৰালকৈ তেখেতৰ ব্যক্তিত্বও আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। ড০ শৰ্মাই ককাদেউতা নাতি আৰু হাতী চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়ছোৱাত তেখেতৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ অক্টোবৰত ৮০ বছৰ বয়সত অভিনেতাগৰাকীৰ মৃত্যু হৈছিল।

October 27, 2025 9:19 PM

views 118

বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী

বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ড০ আহমেদে কয়, যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতি...

October 27, 2025 9:18 PM

views 58

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৰ

ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ উপ-সঞ্চালক প্রধান ৱালিউল্লাহ খানৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক শাখাৰ জ্যেষ্ঠ বিষয়া শ্ৰীবড়োৱে ইয়াৰ আগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক পদকে ধৰি কেইবাটাও আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰত সুখ্যাতিৰে সেৱা আগবঢ়াই আহিছে।